ডিজিটেল ডেস্কঃ হাঁড় কপোৱা জাৰৰ মাজতো কেৱল এটা টি-চাৰ্ট পৰিধান কৰিয়েই ‘ভাৰত জোড়ো যাত্ৰা’ অব্যাহত ৰাখিছিল ৰাহুল গান্ধীয়ে৷ যাৰ বাবে ৰাহুল গান্ধীৰ ঠাণ্ডা নালাগে নেকি এনেধৰণৰ প্ৰশ্নৰো সন্মুখীন হৈছিল কংগ্ৰেছ নেতাগৰাকী৷ ইয়াৰ মাজতে জম্মুত ‘ভাৰত জোড়ো যাত্ৰা’ত প্ৰথমবাৰৰ বাবে জেকেট পৰিধান কৰিলে ৰাহুল গান্ধীয়ে৷
উল্লেখ্য যে জম্মুৰ বহু কেইটা অঞ্চলত পুৱাৰে পৰা অব্যাহত আছে হিমপ্ৰবাহ৷ যাৰ বাবে জেকেট পৰিধান কৰিলে ৰাহুল গান্ধীয়ে৷ পৰৱৰ্তী সময়ত তেওঁ জেকেট খুলি বগা টি-চাৰ্টতে পদযাত্ৰা অব্যাহত ৰাখে৷
এতিয়ালৈকে ১২৫ দিনীয়া ‘ভাৰত জোড়ো যাত্ৰা’ত ৩,৪০০ কিলোমিটাৰ খোজ খাঢ়িছে ৰাহুল গান্ধীয়ে৷ এই সময়ছোৱাত ৰাহুল গান্ধীয়ে কেৱল টি-চাৰ্ট পিন্ধি পদযাত্ৰা অব্যাহত ৰাখিছিল৷ ৰাহুল গান্ধীক ঠাণ্ডা নালাগে নেকি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কৈছিল যে যদি তেওঁৰ ঠাণ্ডা লাগে, তেওঁ গৰম কাপোৰ পিন্ধিব, যিটো এতিয়ালৈকে হোৱা নাই। উল্লেখ্য যে ৫২ বছৰীয়া কংগ্ৰেছ নেতাজনে ২৫ জানুৱাৰীত জম্মু-কাশ্মীৰৰ ৰামবান জিলাৰ বানিহালত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলৈ সাজু হৈছে আৰু দুদিন পিছত অৰ্থাৎ ২৭ জানুৱাৰীত অনন্তনাগ হৈ শ্ৰীনগৰত ‘ভাৰত জোড়ো যাত্ৰা’ প্ৰৱেশ সম্ভাৱনা আছে।