বঙাইগাঁওঃ অৱশেষত বহু প্ৰতীক্ষা, বিতৰ্কৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি মিত্ৰজোঁট কেন্দ্ৰীয় চৰকাৰৰ সৈতে দ্বিপাক্ষিক আলোচনাৰ বাবে নতুন দিল্লীলৈ গমনৰ অৰ্থে কমতাপুৰ লিবাৰেচন অফ অৰ্গনাইজেচন চমুকৈ কে এল অ’ নামৰ বিদ্ৰোহী সংগঠনটোৰ অধ্যক্ষ জীৱন সিংহৰ নেতৃত্বত এটা দল ম্যানমাৰৰ ঘন বনাঞ্চলৰ পৰা ওলাই আহিল।
প্ৰাপ্ত তথ্যমতে, কালি উক্ত আলোচনা প্ৰসংগৰ মূল মধ্যস্থতাকাৰী দিলীপ নাৰায়ণ দেৱৰ সৈতে কে এল অ’ৰ অধ্যক্ষ জীৱন সিংহৰ আলোচনাৰ পিছতেই নতুন দিল্লীলৈ যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ইতিমধ্যে কে এল অ’ অধ্যক্ষ জীৱন সিংহৰ সৈতে ১২ জনীয়া এটা দল ম্যানমাৰৰ ঘন বনাঞ্চলৰ মাজত থকা জে এইচ কিউ অৰ্থাৎ সাধাৰণ মূল কেম্পৰ পৰা আহি নাগালেণ্ডৰ এটা অংশত আহি উপস্থিত হৈছে।