March 25, 2023, 3:04 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

অৰ্জুন বঁটা প্ৰাপ্ত প্ৰথমজন অসমীয়া ভোগেশ্বৰ বৰুৱাৰ ওপজা দিন, ৰাজ্যজুৰি অভিৰুচি ক্ৰীড়া দিৱস পালন

Reporter Name
  • Update Time : Thursday, September 3, 2020
  • 160 Time View

গুৱাহাটীঃ বিশিষ্ট দৌৰবিদ অৰ্জুন বঁটা প্ৰাপ্ত প্ৰথম অসমীয়া ভোগেশ্বৰ বৰুৱাৰ আজি ৮০ সংখ্যাক ওপজা দিন৷ ১৯৬৬ চনৰ এছিয়ান গেমছৰ এথলীটত সোণৰ পদক আজুৰি আনি দেশ তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনিছিল অৰ্জুন ভোগেশ্বৰ বৰুৱাই।

অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটো সমগ্ৰ অসমে অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰা আহিছে। অভিৰুচি ক্ৰীড়া দিৱস‌ৰ জৰিয়তে অসমৰ উঠি অহা প্ৰজন্মক ক্ৰীড়া ক্ষেত্ৰখনৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ থাকিবলৈ কামনা কৰা হয়৷ আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত পদক লাভ কৰিবলৈ সক্ষম হোৱা অন্যতম অসমীয়া খেলুৱৈ ভোগেশ্বৰ বৰুৱা।

অৰ্জুন বঁটা বিজয়ী প্ৰথম অসমীয়া বৰুৱাৰ জন্ম হৈছিল ১৯৪০ চনৰ ৩ ছেপ্তেম্বৰত শিৱসাগৰত। ১৯৬৬ চনত বেংককত অনুষ্ঠিত এছিয়ান গেমছত ৮০০ মিটাৰ দৌৰত সোণৰ পদক অৰ্জন কৰি প্ৰতিযোগিতাত অভিলেখ সৃষ্টি কৰিছিল৷ এছিয়ান গেমছত সোণৰ পদক অৰ্জন কৰা প্ৰথমজন অসমীয়া বৰুৱাক ১৯৬৬ চনত অৰ্জুন বঁটাৰে সন্মানিত কৰা হৈছিল।

অসম চৰকাৰে প্ৰতি বছৰে ৩ ছেপ্তেম্বৰত বৰুৱাৰ জন্মদিনটোত অভিৰুচি ক্ৰীড়া দিৱস হিচাপে বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰি আহিছে। এইগৰাকী অসমীয়া অৰ্জুন বঁটা প্ৰাপ্ত প্ৰথম অসমীয়া খেলুৱৈ ভোগেশ্বৰ বৰুৱাক ৮০তম জন্মদিনৰ বহু লোকে শুভেচ্ছা যাচিছে৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে