গুৱাহাটীঃ অসম সন্তান লাভলীনা বৰগােহাঁয়ে আজি (শনিবাৰে) ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দৰ পৰা অৰ্জুন বঁটা গ্ৰহণ কৰে। প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতি কাৰ্যালয়ে আয়োজন কৰা ভাৰ্চুৱেল সভা যোগে লাভলীনা বৰগােঁহায়ে এই বঁটা গ্ৰহণ কৰে। দেশৰ ক্ৰীড়া ক্ষেত্ৰখনৰ প্ৰতি অসম সন্তান লাভলীনা বৰগােহাঁয়ে আগবঢ়োৱা অৱদানৰ বাবে এই সন্মান প্ৰদান কৰিছে ৰাষ্ট্ৰপতিয়ে৷
শনিবাৰে ৰাষ্ট্ৰপতি কাৰ্যালয়ে ভাৰ্চুৱেল সভা অনুষ্ঠিত কৰে৷ বক্সাৰ লাভলীনাই ইতিমধ্যে কেইবাটাও আন্তঃৰাষ্ট্ৰীয় ইভেণ্টত যোগদান দি মেডেল লাভ কৰিছে৷ শেহতীয়াকৈ টকিঅ’ অলিম্পিকত যোগ দিয়াৰ যোগ্যতা অৰ্জন কৰি পাঞ্জাৱত অনুশীলনত ব্যস্ত আছে৷ ক্ৰীড়া দিৱসত ভাৰতীয় খেল প্ৰাধিকৰণে নিৰ্দিষ্ট কৰি দিয়া দেশৰ ৯টা ক্ৰীড়া ক্ষেত্ৰৰ বঁটাসমূহ শনিবাৰে ৰাষ্ট্ৰপতি প্ৰদান কৰে।
আনহাতে লাভলীনাই সন্মান গ্ৰহণ কৰাৰ পিছতে ৰাজ্যখনৰ নাগৰিকে লাভলীনাক অভিনন্দন জ্ঞাপন কৰে৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও অভিনন্দন জ্ঞাপন কৰিছে লাভলীনাক৷ মুখ্যমন্ত্ৰী সোণোৱালে অভিনন্দন জ্ঞাপন কৰি কয় যে ‘‘অসমৰ ষষ্ঠগৰাকী খেলুৱৈ হিচাপে আজি ‘অৰ্জুন বঁটা’ গ্ৰহণ কৰা লাভলীনা বৰগোহাঁইক আন্তৰিক অভিনন্দন জনালো। আমাৰ সকলোৰে বাবে এয়া এক গৌৰৱৰ মুহূৰ্ত। লাভলীনাৰ কঠোৰ পৰিশ্ৰম আৰু উদ্যমে অসমৰ লগতে দেশলৈ অধিক সফলতা কঢ়িয়াই আনক, সেয়া আন্তৰিকতাৰে কামনা কৰিলো। তেওঁৰ সফলতাই যুৱপ্ৰজন্মক নতুন উদ্যমেৰে ক্ৰীড়াক্ষেত্ৰত মনোনিবেশ কৰিবলৈ অনুপ্ৰাণিত কৰিব।’’