জয়ন্ত মুদৈ, বেবেজীয়াঃ নগাঁও তথা মধ্য অসমৰ ভাষা-সাহিত্য-সংস্কৃতি চৰ্চ্চা আৰু অনুশীলনৰ মকলি মঞ্চ অৰুণোদয় সাহিত্য চ’ৰাৰ ষষ্ঠ দ্বি-বাৰ্ষিক অধিবেশন খনি দেওঁবাৰে নগাঁও জিলা সাহিত্য সভাৰ কমলা দেৱী তোডি স্মৃতি ভৱন প্ৰেক্ষাগৃহত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। এই মৰ্মে, অৰুণোদয় সাহিত্য চ’ৰাৰ সভাপতি মৃদুপৱন বৰাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি অধিবেশনখনি বিজয় লক্ষ্মী মহন্তৰ এটি বৰগীতেৰে আৰম্ভ হয়। সম্পাদক ৰাহুল দেৱ বৰদলৈয়ে বিগত দুটা বছৰৰ সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে। অধিৱেশনত নগাঁও জিলা সাহিত্য সভাৰ সভাপতি পৰাণ কুমাৰ বৰুৱাই বিশিষ্ট অতিথিৰ ভাষনত কয় যে-ভাল সাহিত্য সৃষ্টি কৰিবলৈ অধ্যয়নৰ প্ৰয়োজন৷ কিন্তু দুৰ্ভাগ্যজনক কথা যে আমাৰ একাংশ নতুন সাহিত্যিকৰ অধ্যয়ন কম। তেওঁলোকে আনৰ কিতাপ পঢ়িব নিবিচাৰে। অনুষ্ঠানত অসম চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগৰ যুটীয়া সচিব জয়ন্ত বৰাই অৰুণোদয় সাহিত্য চ’ৰাৰ সাহিত্য সংকলন “অৰুণোদয়” উন্মোচন কৰি কয় যে-আমি সাহিত্য সৃষ্টি কৰিলেই নহ’ব৷ আমি পাঠক সৃষ্টি কৰিব লাগিব। নতুন প্ৰজন্মক অধ্যয়নৰ প্ৰতি আকৃষ্ট কৰিব লাগিব। সাহিত্য সৃষ্টি আৰু পঠনৰ এক পৰিৱেশ সৃষ্টি কৰি নতুন প্ৰজন্মক আমি জড়িত তথা আগ্ৰহী কৰি তুলিব লাগিব। তেতিয়াহে এই সাহিত্য অনুষ্ঠান সমূহৰ প্ৰকৃত উদ্দেশ্য সফল হ’ব। সাহিত্যিক তথা জ্যেষ্ঠ প্ৰশাসনিক বিষয়া গৰাকীয়ে লগতে কয়-আমাৰ ভাষাটো কেতিয়াও সংকটত নপৰে। অসমীয়া ভাষা সদায় জীয়াই থাকিব। কিন্তু ভাষাটোক ধৰি ৰখা মানুহখিনিহে সলনি হ’ব। কাৰণ ক্ৰমান্বয়ে নিজৰ শিপাৰ পৰা আঁতৰি আহিবলৈ ধৰিছে এদিন অসমীয়া ভাষাটোক ধৰি ৰখা মূল অসমীয়া মানুহখিনি। এই অনুষ্ঠানতে অৰুণোদয় সাহিত্য চ’ৰাৰ ২০১৯-২১ দুটা বছৰত মাহেকীয়া বৈঠকত পঠিত প্ৰৱন্ধ, গল্প আৰু কবিতাৰ শিতানত শ্ৰেষ্ঠ তিনিগৰাকী লেখক-লেখিকাক অৰুণোদয় সাহিত্য বটা-২০২২ প্ৰদান কৰা হয়। গল্পৰ শিতানত জেউতি হাজৰিকাক স্বৰ্গীয় দিলীপ কুমাৰ বৰা সোঁৱৰণী অৰুণোদয় সাহিত্য বঁটা, প্ৰৱন্ধ আৰু কবিতৰ শিতানত জোনাকী বৰ্মন বৰা আৰু মহেন্দ্ৰ হাজৰিকাক স্বৰ্গীয় অঞ্জুমনি বৰদলৈ সোঁৱৰণি অৰুণোদয় সাহিত্য বঁটা-২০২২ প্ৰদান কৰাৰ লগতে নগাঁৱৰ সমাজ-সংস্কৃতি ক্ষেত্রলৈ আগবঢ়োৱা বৰঙণিৰ বাবে সাত গৰাকী বিশিষ্ট ব্যক্তি ক্ৰমে ৭০ দশকৰে অনাঁতাৰ শিল্পী সুয়েজ নাথ বৰদলৈ, লেখিকা-গীতিকাৰ ৰেনু মহন্ত, নাট্যকাৰ-সাহিত্যিক খৰ্গেশ্বৰী বৰা, শিল্পী চিত্তদেৱ মহন্ত, লেখক-সুৰকাৰ লক্ষীনাৰায়ন শৰ্মা, সাহিত্যিক-সংগঠক ভৱেশ মেধি আৰু লোকশিল্পী মীনা শইকীয়া বৰুৱাক অৰুণোদয় সন্মান-২০২২ প্ৰদান কৰা হয়। অন্যহাতে, এই অনুষ্ঠানতে অৰুণোদয় সাহিত্য চ’ৰাৰ অজীৱন সদস্যা তথা লেখিকা দিপালী বৰদলৈৰ শেহতীয়া কাব্য সংকলন “বিষন্ন আবেলিত খেপিয়াও জোনাক” গ্ৰন্থখনি উন্মোচন কৰে নগাঁও মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড০ দিলীপ শৰ্মাই। তদুপৰি লেখক গুনধৰ নাথৰ গল্প সংকলন “মৰহা অতীত” উন্মোচন কৰে নগাঁৱৰ জেষ্ঠ সাংবাদিক তথা নগাঁও জিলা বাৰ্তাজীৱী সংঘৰ সভাপতি কনক হাজৰিকাই। সম্পাদক ৰাহুল দেৱ বৰদলৈ আৰু অৰুণোদয় সহিত্য চ’ৰাৰ প্ৰতিস্থাপক সম্পাদক মুৰুলী বৰুৱাই আঁত ধৰা অনুষ্ঠানত অৰুণোদয়ৰ প্ৰাক্তন সম্পাদক বিজন পাটৰ, প্ৰাক্তন উপ সভাপতি ৰিণি নেওগ বৰাকে ধৰি শতাধিক সাহিত্যপ্ৰেমী উপস্থিত থাকে। এই মুকলি অনুষ্ঠানতে পৰৱৰ্তী দুবছৰীয়া কাৰ্যকালৰ বাবে নৱ-নিৰ্বাচিত সভাপতি গুণধৰ নাথ আৰু সম্পাদক আবুল হুছেইনক অনুষ্ঠানিক ভাৱে দ্বায়িত্বভাৰ অৰ্পন কৰা হয়৷