গুৱাহাটীঃ কালিৰে পৰা অনুষ্ঠিত হোৱা চাৰিদিনীয়া অসম বিধানসভাৰ অধিবেশনৰ আজি দ্বিতীয় দিন। মঙলবাৰে পুৱাৰে আৰম্ভ হোৱা অধিবেশনৰ দ্বিতীয় দিনটোত
বিত্তমন্ত্ৰী ড০ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনি সন্দৰ্ভত বক্তব্য প্ৰকাশ কৰে৷ প্ৰশ্নোত্তৰকালত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিৰ ধৰণ তথা নীতি নিৰ্দেশনা সন্দৰ্ভত কেইবাটাও দিশ স্পষ্ট কৰে৷
আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰূপায়ন হ’বলগীয়া বছৰত ১০ হাজাৰ তথা মাহেকত ৮৩০ টকা লাভ কৰিবলগীয়া এই আঁচনিত পৰিয়ালত বিধবা, দিব্যাংগ থাকিলেহে এই আঁচনিৰ সুবিধা লাভ কৰিব বুলি কয়।
১৫ বিঘা মাটি, ফ্ৰীজ থাকিলে এই আঁচনিৰ সুবিধা নোপোৱাৰ লগতে দুচকীয়া-তিনিচকীয়া বাহন থাকিলেও অৰুণোদয় আঁচনিৰ সুবিধা লভা নকৰিব পৰিয়ালে৷
এই আঁচনি লাভ কৰিবলৈ হলে কোনো প্ৰমাণপত্ৰৰ প্ৰয়োজন নাথাকিব৷
যি পৰিয়ালে এই আঁচনিৰ বাবে যোগ্য বুলি ভাবে তেনে পৰিয়ালে আবেদন কৰি নিজেই সত্য তথ্য অন্তৰ্ভুক্ত কৰিব লাগিব৷ বছৰি ২ লাখ টকা আয় থকা পৰিয়ালে এই আঁচনিত আবেদন কৰিব নোৱাৰিব৷ সদনত হিমন্ত বিশ্ব শৰ্মাই কোৱা মতে একাধিক সৰু সৰু আঁচনিৰ বিপৰীতে এই আঁচনি ৰূপায়ন কৰা হৈছে৷ অহা ১৫ চেপ্তেম্বৰৰ পৰা হিতাধিকাৰী নিৰ্বাচন কৰাৰ লগতে নৱেম্বৰৰ পৰা প্ৰতিটো মাহত বেংক একাউণ্টত প্ৰাপ্ত ধন সোমাৱাৰ আৰম্ভ হ’ব বুলি সদনত মন্ত্ৰী হিমন্তই ঘোষণা কৰে৷