নাজিৰাঃ অৰুণোদয় আঁচনিক লৈ নাজিৰা সমষ্টিত শাসক-বিৰোধীৰ মাজত অভিযোগ-প্ৰতিভিযোগৰ নাটক চলি থকাৰ সময়তে কংগ্ৰেছে এখন সংবাদমেল অনুষ্ঠিত কৰি কেইবাটাও অভিযোগ নস্যাৎ কৰে৷ নাজিৰা ব্লক কংগ্ৰেছে সংবাদ মেল যোগে বিজেপিৰ নেতা প্ৰবীণ কোঁৱৰ আৰু ময়ূৰ বৰগোহাঁয়ে অভিযোগ উত্থাপন কৰি নাজিৰা সমষ্টিৰ বিধায়ক তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই অৰুণোদয় আঁচনিক লৈ ব্যাপক দুৰ্নীতি কৰাৰ লগতে আৰু বহু কংগ্ৰেছ কৰ্মীয়ে এই আচঁনিৰ নামত ধন সংগ্ৰহ কৰা বুলি অভিযোগ উত্থাপন কৰিছিল৷ এই অভিযোগৰ পিছতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।
নাজিৰা কংগ্ৰেছ ভৱনত ব্লক কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি মৃদুল বৰগোহাঁই আৰু সাধাৰণ সম্পাদক দিগন্ত সন্দিকৈয়ে সংবাদ মেল অনুষ্ঠিত কৰি বিজেপিৰ অভিযোগ ভিত্তিহীন বুলি কয়। মিছা অপবাদেৰে কংগ্ৰেছ দলৰ লগতে বিধায়ক দেৱব্ৰত শইকীয়াক বদনাম কৰিব খুজিছে, কংগ্ৰেছৰ উত্থানক লৈ শংকিত হৈছে বুলি কয়৷ এনে মিছা অভিযোগ আনি ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিব বিচাৰিছে বুলিও কয়৷
ৰাইজে যাতে এই ফৰ্মসমূহ বিনামূলীয়াকৈ লাভ কৰে আৰু যিহেতু ৱেবছাইটত উল্লেখ আছিল এই ফৰ্মসমূহ প্ৰকৃত হিতাধিকাৰীসকলে ডাউনলোড কৰি ইয়াৰ জেৰক্স কপি উলিয়াই ল’ব পাৰিব সেয়ে ফৰ্মত উল্লেখ থকা চৰ্তাৱলী সাপেক্ষেহে এই ফৰ্মসমূহ ৰাইজৰ মাজত দিয়া হৈছিল। কিন্তু এই কথাটোকে বিজেপিৰ কেইজনমান নেতাই ভুৱা প্ৰচাৰ কৰি কংগ্ৰেছ দলক বদনাম কৰাৰ চেষ্টা কৰিছে বুলি মন্তব্য প্ৰকাশ কৰে সংবদামেলত কংগ্ৰছ নেতাসকলে।