অৰুণাচল প্ৰদেশত বিভিন্ন এলেকা ভূমিস্খলনৰ কৱলত পৰিছে৷ কেইবাটাও পথত পাহাৰ খহি পৰি পথত বন্ধ হৈ পৰিছে৷ যোৱা ২৪ ঘণ্টাত ইটানগৰ এলেকাত একাধিক ভূমিস্খলন সংঘটিত হৈছে৷ এই পৰ্যন্ত অৰুণাচলত পাঁচজন লোকৰ মৃত্যু হৈছে আৰু ছয়জন লোক আহত হৈছে। মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে টুইট কৰি চৰকাৰী নিয়ম অনুসৰি মৃতকৰ পৰিয়ালক সাহায্য অনুদান প্ৰদানৰ লগতে উদ্ধাৰ অভিযান চলি থকা বুলি কয়৷ অৰুণাচলৰ ইটানগৰত সোমবাৰে নিশা ভূমিস্খলনৰ ফলত দুজন লোকৰ মৃত্যু হয়৷ ৩ জনক চিকিৎসালয়ত ভৰ্তি কৰা হয়৷ নিশা প্ৰায় ৮:৩০ বজাত ইটানগৰৰ বিখ্যাত পাঞ্জাৱী ধাবাৰ ওচৰত ভূমিস্খলন সংঘটিত হয়। এছডিআৰএফৰ দলে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান চলাই৷ আনহাতে অৰুণাচলৰ গংগাৰ-জোলাং পথত ভূমিস্খলন। দুজনৰ মৃতদেহ উদ্ধাৰ হয়৷ ভূমিস্খলন নিহত নিহত টাই য়াই (৪৫) আৰু গড়কাপ্তিনি বিভাগৰ কৰ্মচাৰী বাহাদুৰ সোণাৰ (৫০)। টি. তালোহ আৰু পি. তাজে নামৰ দুজন ব্যক্তি চিকিৎসালয়ত ভৰ্তি কৰা হৈছে৷