বিশেষ চৰকাৰী কাৰ্যসূচী লৈ উত্তৰ-পূৱ ভ্ৰমণ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে৷ আজি গৃহমন্ত্ৰী অমিত শ্বাহে অৰুণাচলত উপস্থিত হয়৷ অৰুণাচলত উপস্থিত হোৱা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক বিমান বন্দৰত আদৰণি জনাই মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে৷ তাৰ পিছতে দিনৰ ১১.৩০ বজাত অমিত শ্বাহে নৰোত্তম নগৰৰ ৰামকৃষ্ণ মিছনৰ সোণালী জয়ন্তীৰ কাৰ্যসূচীত অংশ লয়৷ নৰোত্তম নগৰত আজি ৰামকৃষ্ণ মিছন আশ্ৰমত স্বামী বিবেকানন্দৰ প্ৰতিমূৰ্তি উদ্বোধন কৰি শ্বাহে কয় যে জাতীয়তাবাদ আৰু অসীম জ্ঞানৰ আশ্চৰ্যকৰ প্ৰতীক স্বামী বিবেকানন্দৰ চিন্তা আমাৰ বাবে এক নিৰৱচ্ছিন্ন অনুপ্ৰেৰণাৰ উৎস, যি যুগ যুগ ধৰি দেশক পথ প্ৰদৰ্শন কৰিব। আনহাতে নামছাই জিলাত বিয়লি দলীয় নেতাৰে বৈঠকত মিলিত হ’ব অমিত শ্বাহ৷ পৰশুৰাম কুণ্ডত ৫১ ফুট উচ্চতাৰ পৰশুৰামৰ ব্রঞ্জৰ মূৰ্তিৰ শিলান্যাস কৰে৷