ডিজিটেল ডেস্কঃ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক হত্যাৰ ভাবুকি দি নিশা দিল্লী আৰক্ষীলৈ আহিল ফোনকল৷ আৰক্ষীয়ে জনোৱা অনুসৰি সোমবাৰে নিশা প্ৰায় ১২:০৫ বজাত আহিছিল মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকিৰে ফোনকল৷ এই ভাবুকি লাভৰ পিছতেই অভিযান আৰম্ভ কৰে দিল্লী আৰক্ষীয়ে৷ ইতিমধ্যে মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি দিয়া লোকজনক চিনাক্ত কৰিছে দিল্লী আৰক্ষীয়ে৷
আৰক্ষীয়ে জনোৱা অনুসৰি, মানসিক বিকাৰগ্ৰস্ত এজন লোকে নিশা দিল্লী আৰক্ষীলৈ ফোনকলৰ জৰিয়তে ভাবুকি দিছিল৷ মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি দিয়া অভিযুক্তক জয় প্ৰকাশ বুলি কৰিছে আৰক্ষীয়ে৷ মানসিক বিকাৰগ্ৰস্ত হোৱাৰ বাবে অভিযুক্তক গ্ৰেপ্তাৰ কৰা নাই আৰক্ষীয়ে৷ দিল্লীৰ গুলাবি বাগত চিকিৎসাধীন হৈ আছে অভিযুক্ত জয় প্ৰকাশ৷