ডিজিটেল ডেস্কঃ এজন ব্যক্তিৰ এটা বাতৰি সম্প্ৰতি ভাইৰেল হৈ পৰিছে। যি সময়ত কোনেও ইজনে সিজনক এটা টকাও দান কৰি সহায় নকৰে, তেনে সময়তে এজন ব্যক্তিয়ে ১,৫০০ কোটি টকা দান কৰাৰ বাতৰিয়ে সংবাদ শিৰোনাম দখল কৰিছে। ব্যক্তিজনে অৰণ্যৰ সুৰক্ষাৰ বাবে এই সমস্ত ধন দান কৰিছে। বনাঞ্চলৰ বিভিন্ন প্ৰকাৰৰ গছ-গছনি আৰু জৈৱ বৈচিত্ৰ্যৰ সুৰক্ষাৰ বাবে লোকজনৰ এনে প্ৰচেষ্টাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। নেটিজেনসকলেও মানুহজনৰ এই কাৰ্য দেখি আচৰিত হৈছে। সামাজিক মাধ্যমতো এই লোকজন ব্যাপকভাৱে ভাইৰেল হৈ পৰিছে।
ফ্ৰান্সৰ বাতৰি কাকত ‘লে পেৰিচিয়ান’ৰ এক প্ৰতিবেদন অনুসৰি লোকজনে ২০২০ চনৰ ডিচেম্বৰত লটাৰীত পুৰস্কাৰ হিচাপে লাভ কৰিছিল ১,৫০০ কোটিতকৈ অধিক টকা। ইউৰোমিলিয়ন নামৰ সেই লটাৰীত লোকজনে ভাৰতীয় মুদ্ৰাত ১,৫০০ কোটি টকাতকৈও অধিক ধন জিকিছিল। মানুহজনৰ উপনাম হৈছে ‘গাই’। তেওঁ লটাৰীত লাভ কৰা সকলো ধন এটা ফাউণ্ডেচনলৈ দান কৰে। এই লোকজনে গোটেই টকাখিনি ‘আনিয়ামা’ নামৰ ফাউণ্ডেচনটোলৈ দান কৰে। ছ’চিয়েল মিডিয়াত তেওঁৰ এই মহান কাৰ্যৰ বাতৰি বিয়পি পৰাৰ লগে লগে ই ধুমুহাৰ গতিত ভাইৰেল হৈ পৰে।
বহু লোকে লটাৰীত বিভিন্ন ধৰণৰ পুৰস্কাৰ লাভ কৰে। সেই ধনেৰে সকলোৱে বিভিন্ন ধৰণৰ সপোন পূৰণ কৰিব বিচাৰে। কিছুমানে তেওঁলোকৰ নিজৰ ঘৰ নিৰ্মাণ কৰে, কিছুমানে গাড়ী ক্ৰয় কৰে। এই ধৰণৰ আকাংক্ষা সকলোৰে থাকে। অৱশ্যে, শেহতীয়াকৈ লোকজনৰ এই কাৰ্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। ব্যক্তিজনে কয় যে তেওঁ আৰম্ভণিৰ পৰাই পৰিৱেশ সুৰক্ষাৰ বাবে কাম কৰিব বিচাৰিছিল। তেওঁৰ উদ্দেশ্য হৈছে অৰণ্যৰ সুৰক্ষা। ইয়াৰ বাবে তেওঁ আনিয়ামা নামৰ এটা গোট গঠন কৰিছিল। সেই অনুষ্ঠানটোতে তেওঁ লটাৰীত জিকা ১,৫০০ কোটি টকাতকৈও অধিক ধন দান কৰে।
লোকজনে কয় যে তেওঁ আনিয়ামা নামৰ তেওঁৰ ফাউণ্ডেচনৰ জৰিয়তে বিভিন্ন পৰিৱেশৰ কাম কৰিব। তেওঁৰ লক্ষ্য হৈছে পৰিৱেশ ৰক্ষা কৰা। ইয়াৰ বাবে, প্ৰথমে অৰণ্যৰ বিভিন্ন গছ-গছনি ৰক্ষা কৰা প্ৰয়োজন। একে সময়তে অৰণ্যত বিভিন্ন প্ৰকাৰৰ উদ্ভিদ সুৰক্ষিত কৰি পৰিৱেশ ৰক্ষা কৰা সম্ভৱ। এই সকলোবোৰ কৰিবলৈ তেওঁ আনিয়ামা নামৰ এটা অনুষ্ঠান গঢ় দিছিল। এই অনুষ্ঠানতে তেওঁ ১,৫০০ কোটি টকাতকৈও অধিক ধন দান কৰে।