ডিজিটেল ডেস্কঃ বাবৰি মছজিদ ধ্বংস কাণ্ডৰ গোচৰৰ অহা ৩০ চেপ্তেম্বৰৰ ভিতৰত ৰায় কৰিব লাগিব৷ এই নিৰ্দেশ দিছে দেশৰ শীৰ্ষ আদালত উচ্চতম ন্যায়ালয়ে৷ ১৯৯২ চনত অযোধ্যাৰ বাবৰি মছজিদ ধ্বংস কৰা হৈছিল৷ সেই সময়তে দুখনকৈ এজাহাৰৰ ভিত্তিত গোচৰ ৰুজু হৈছিল৷ দীৰ্ঘকাল এই গোচৰ চলাৰ অন্তত অহা ৩০ ছেপ্তেম্বৰৰ ভিতৰত এই গোচৰৰ ৰায়দান কৰিবলৈ লক্ষ্ণৌস্থিত চিবিআইৰ বিশেষ আদালতক উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিছে।
৩১ আগষ্টৰ ভিতৰত এই গোচৰৰ ৰায় দান কৰিবলৈ উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিছিল৷ কিন্তু লক্ষ্ণৌস্থিত চিবিআইৰ বিশেষ আদালতে ৰায়দান নকৰাত পুনৰ কাঢ়া নিৰ্দেশ দিছে চিবিআইৰ বিশেষ আদালতক৷ চিবিআইৰ বিশেষ আদালতে উচ্চতম ন্যায়ালয়ত পুনৰ সময় বিচাৰি আৰ্জি দিছিল৷ তাৰ পিছতে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সুৰেন্দ্ৰ যাদৱে চিবিআইক ৩০ ছেপ্তেম্বৰৰ ভিতৰত গোচৰৰ ৰায়দান কৰিবলৈ নিৰ্দেশ দিয়ে।
উল্লেখ্য, ১৯৯২ চনৰ ৬ ডিচেম্বৰত বাবৰি মছজিদ ধ্বংস কৰা হৈছিল৷ এই গোচৰত বিজেপিৰ জ্যেষ্ঠ নেতা লালকৃষ্ণ আদৱানী, বিজেপি নেত্ৰী উমা ভাৰতী, মুৰলী মনোহৰ যোশী, বিনয় কাটিয়াৰ, উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কল্যাণ সিঙৰ দৰে প্ৰভাৱশালী লোকৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল।