March 30, 2023, 3:44 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

অহা ফেব্ৰুৱাৰীত ভাৰত দৈনিক কৰ’নাত আক্ৰান্ত হ’ব ২ লাখ লোক! আমেৰিকাৰ গৱেষকৰ সকীয়নি

নিউজ ডেস্ক
  • Update Time : Wednesday, July 8, 2020
  • 177 Time View

নিউয়ৰ্কঃ ভেকচিন নোলালে অহা বছৰ ফেব্ৰুৱাৰী পৰ্যন্ত দেশত দৈনিক ২ লাখ ৮৪ হাজাৰ লোক কৰ’না ভাইৰাছত আক্ৰান্ত হ’ব পাৰে। কৰ’নাক লৈ ভাৰতৰ বাবে এই উদ্বেগজনক মন্তব্য কৰিছে মাছাচুটছ ইনষ্টিটিউট অব টেকন’লজি চমুকৈ এমআইটিৰ গৱেষকসকলে।

বিখ্যাত এই প্ৰতিষ্ঠানটোৰ সমীক্ষাত কোৱা হৈছে যে বৰ্তমানৰ পৰিস্থিতি অব্যাহত থাকিলে আমেৰিকা, ব্ৰাজিলক পিছ পেলাই বিশ্বৰ কৰ’না বিধ্বস্ত দেশসমূহৰ শীৰ্ষ স্থানত উপনীত হ’ব ভাৰত। ইয়াৰ কাৰণ হিচাপে প্ৰতিষ্ঠানটোৱে ভাৰতৰ কৰ’না মেনেজমেণ্টত হোৱা ক্ৰুটি-বিচ্যুতিৰ দিশটোলৈ আঙুলিয়াই দিছে।

উল্লেখ্য যে মাছাচুটছ ইনষ্টিটিউটৰ তৰফৰ পৰা ৮৪ খন দেশৰ প্ৰায় ৬০ শতাংশ নাগৰিকৰ ওপৰত অনলাইনযোগে সমীক্ষা চলোৱা হৈছিল। সমীক্ষাৰ অন্তত প্ৰতিষ্ঠানটোৰ গৱেষকসকলে কৈছে যে ২০২১ৰ মাৰ্চ মাহৰ পৰা মে’ মাহলৈ সমগ্ৰ বিশ্বত কৰ’না আক্ৰান্তৰ সংখ্যা ২০ৰ পৰা ৬০ কোটি হৈ পৰিব।

এই সকলোবোৰ ৩টা বিষয়ৰ ওপৰত নিৰ্ভৰ কৰিব বুলিও কোৱা হৈছে সমীক্ষাটোত। এই বিষয় ৩টাৰ প্ৰথমটো হৈছে যদিহে বৰ্তমানৰ হাৰত টেষ্টিং অব্যাহত থাকে, দ্বিতীয়তে পৰীক্ষাৰ হাৰ বাঢ়িলে আৰু তৃতীয়টো হৈছে পৰীক্ষাৰ হাৰ একে থাকিলেও সংক্ৰমণৰ হাৰ বৃদ্ধি পালে।

সমীক্ষকসকলৰ মতে সংক্ৰমণৰ হাৰ বৃদ্ধি পোৱাটোৱেই হৈছে এই তিনিটা কাৰণৰ ভিতৰত আটাইতকৈ উদ্বেগজনক। সমীক্ষাত দেখা পোৱা গৈছে যে চলিত বৰ্ষৰ শেষৰ ফালে অৰ্থাৎ ছেপ্টেম্বৰ-নৱেম্বৰ মাহত সংক্ৰমিতৰ সংখ্যা একে কোবে বহুত বাঢ়ি যাব পাৰে। এই ক্ষেত্ৰত সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত হাতত লোৱা ব্যৱস্থাসমূহলৈ চাই ভাৰতেই আটাইতকৈ ক্ষতিগ্ৰস্ত হ’ব বুলি স্পষ্ট কৰি দিছে প্ৰতিষ্ঠানটোৰ গৱেষকসকলে।

ভাৰতৰ পিছতে বাংলাদেশ, পাকিস্তান আৰু বৰ্তমানৰ পৰিস্থিতিৰ কোনো সালসলনি নকৰিলে আমেৰিকা যুক্তৰাষ্ট্ৰতো সংক্ৰমণৰ হাৰ হোৰাহোৰে বৃদ্ধি পাব পাৰে বুলিও সমীক্ষাৰ ফলাফলত স্পষ্টকৈ কোৱা হৈছে। সমীক্ষকসকলৰ মতে আৰম্ভণি পৰ্যায়ত এই দেশসমূহৰ চৰকাৰে বিষয়টো গুৰুত্বসহকাৰে নোলোৱা বাবেই এনে হোৱাৰ সম্ভাৱনা ক্ৰমাৎ বৃদ্ধি পাইছে।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে