বিৰোধী দলে অনাস্থা প্ৰস্তাৱ অনাৰ পিছতে অস্থিৰ হৈ পৰিছে পাকিস্তানৰ চৰকাৰ৷ তাৰ মাজতে আজি নিশা পাক প্ৰধানমন্ত্ৰী ইমৰান খানে দেশক সম্বোধন কৰিব৷ পাকিস্তানৰ সংবাদ মাধ্যমে মন্ত্ৰী শ্বেখ ৰছিদ আহমেদৰ উদ্ধৃতি দি এই কথা কয়৷ প্ৰধানমন্ত্ৰী ইমৰান খানে আজি দেশবাসীক সম্বোধন কৰি বৃহৎ সিদ্ধান্ত লোৱাৰ কথা ঘোষণা কৰিব পাৰে৷ বিৰোধী ঐক্যক নস্যাৎ কৰিব পাৰে অন্যথাই পদত্যাগ কৰিব পাৰে বুলি আশংকা কৰা হৈছে৷