সৰুপথাৰঃ শ্বহীদৰ ত্যাগৰ প্ৰতি কিমান শ্ৰদ্ধাশীল আমাৰ চৰকাৰখন৷ শ্বহীদ কুশল কোঁৱৰৰ ৭৭ সংখ্যক মৃত্যু বাৰ্ষিকীত এই প্ৰশ্নই উত্থাপন হৈছে উজনিৰ সৰুপথাৰত৷ কিয়নো মুখ্যমন্ত্ৰীয়ে কুশল কোঁৱৰৰ প্ৰতি শ্ৰদ্ধা জনাই ঘোষণা কৰা ৰাজহুৱা প্ৰতিশ্ৰুতি যোৱা দুবছৰে পুৰণ কৰা নাই চৰকাৰে৷ যাৰ বাবে শ্বহীদগৰাকীৰ ত্যাগক চৰম অপমান কৰাৰ অভিযোগ উত্থাপন কৰিছে সৰুপথাৰবাসীয়ে৷
উল্লেখ্য যে, ভাৰতৰ অন্যতম স্বাধীনতা সেনানী শ্বহীদ কুশল কোঁৱৰৰ আজি ৭৭ সংখ্যাক মৃত্যু বাৰ্ষিকী৷ ১৯৪৩ চনৰ ১৫ জুনত ভাৰতৰ স্বাধীনতা আন্দোলনৰ সেনানী কুশল কোঁৱৰক ব্ৰিটিচ চৰকাৰে ৰেল বগৰোৱাৰ অভিযোগত ফাঁচী কাঠত ওলোমাইছিল৷ তদুপলক্ষে আজি সমগ্ৰ ৰাজ্যৰ লগতে ধনশিৰি মহকুমাৰ সদৰ সৰুপথাৰতো শ্বহীদগৰাকীৰ মৃত্যু দিৱস ধনশিৰি মহকুমাৰ তৰফৰ পৰা অনুষ্টুপীয়াকৈ পালন কৰা হয়৷
পুৱা ৯ বজাত সৰুপথাৰ ৰাজহুৱা ভৱন চৌহদত শ্বহীদগৰাকীৰ প্ৰতিমূৰ্তিত ধনশিৰি মহকুমাৰ মহকুমাধিপতি দিবাকৰ নাথে বন্তি প্ৰজ্বলন আৰু পুস্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধা নিবেদন কৰে৷ এই অনুষ্ঠান চলি থকাৰ মাজতে অসম চৰকাৰে শ্বহীদগৰাকীৰ ত্যাগক চৰম অপমান কৰাৰ অভিযোগ উত্থাপন হৈছে৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ২০১৮ চনৰ আজিৰ দিনটোতে শ্বহীদ কুশল কোঁৱৰৰ বাস গৃহলৈ আহি সৰুপথাৰ ৰেল ষ্টেচনৰ সমীপত ৰেল বগৰোৱা স্থানত শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি ৰক্ষাৰ স্বাৰ্থত এখন উদ্যান স্থাপন কৰা হ’ব বুলি ঘোষণা কৰিছিল৷ কিন্তু সেই ঘোষণা আজিলৈ কাৰ্যকৰী নোহোৱাকৈয়ে থাকিল৷
মুখ্যমন্ত্ৰীৰ ঘোষণ মতে, সেনাবাহিনীৰ ৰেল বগৰোৱা স্থান সৰুপথাৰৰ শুকান নলাৰ কাষতে স্থাপন কৰাৰ কথা আছিল স্বহীদ স্মৃতি উদ্যানখন৷ কিন্তু সেই ঘোষণা আজিও কাৰ্যকৰী নহল৷ উকা হৈয়ে থাকিল শুকান নলাৰ পাৰ৷ সৰুপথাৰৰ ৰেল ষ্টেচনৰ উন্নয়নৰ লগতে মুখ্যমন্ত্ৰীৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা আজিও কাৰ্যকৰী নহল৷ এই ক্ষেত্ৰত অসম চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰাত উদ্বেগ প্ৰকাশ কৰে মুক্তি যুঁজাৰু সংস্থাৰ লগতে সৰুপথাৰৰ বিভিন্ন দল-সংগঠনে৷