আজি বিধানসভা ভৱনতৰ চেণ্ট্ৰেল হলত আজিৰে পৰা অনুষ্ঠিত হৈছে কমনৱেলথ সংসদীয় সংস্থাৰ বাৰ্ষিক সন্মিলন৷ অসম চৰকাৰৰ পৃষ্ঠপোষকতাত দুদিনীয়া কাৰ্যসূচীৰে আয়োজিত কমনৱেলথ সংসদীয় সংস্থাৰ কাৰ্যকৰী সমিতিৰ মধ্যবাৰ্ষিক বৈঠক উদ্বোধন কৰে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই। ঢোল-পেপাঁৰ মাজেৰে লোকসভাৰ অধ্যক্ষ আৰু কমনৱেল্থ সংসদীয় সংস্থাৰ হৈ অহা বিশ্বৰ বিভিন্ন দেশৰ ৫৩খন দেশৰ প্ৰতিনিধি আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আদৰণি জনাই৷ অসমত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা কমনৱেল্থ সংসদীয় সংস্থাৰ কাৰ্যবাহী বৈঠকত লোকসভাৰ অধ্যক্ষ বিৰলাই কয় যে ভাৰতৰ গণতান্ত্ৰিক মূল্যবোধ আৰু গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ সমৰ্থক সমগ্ৰ বিশ্বত সিঁচৰিত হৈ আছে। কমনৱেল্থ সংসদীয় সংস্থাৰ কাৰ্যবাহী বৈঠক প্ৰথমবাৰৰ বাবে ভাৰতত অনুষ্ঠিত হোৱাত সুখী বুলি কয় ওম বিৰলাই৷ প্ৰকৃতিৰ ৰম্যভূমি অসমত এই বৈঠক অনুষ্ঠিত হোৱাত সুখী বুলি কৈ অনুষ্ঠান আয়োজন কৰাত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীৰ শলাগ লয়। অনুষ্ঠিত আয়োজন কৰাত গুৰুত্বপ্ৰদান কৰা মুখ্যমন্ত্ৰীকো ধন্যবাদ জনাই৷ অসমৰ প্ৰাকৃতিক পৰিৱেশৰ বিৱৰণ অনুষ্ঠানত ওম বিৰলাই বিভিন্ন দিশ দাঙি ধৰে। কমনৱেল্থ সংসদীয় সংস্থাৰ সকলো কাম আলোচনাৰ মাধ্যমৰে কৰি আহিছে। গণতন্ত্ৰত বিশ্বাস ৰাখিয়েই সকলো একত্ৰিত হৈছে। বিশেষকৈ ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰতি সকলো আকৰ্ষিত। বিশ্বৰ ভিতৰতে ভাৰতেই হৈছে সবাতোকৈ প্ৰাচীনতম গণতান্ত্ৰিক শাসন ব্যৱস্থা। প্ৰতিজন নাগৰিকৰ আচাৰ-ব্যৱহাৰত এই গণতান্ত্ৰিক মূল্যবোধৰ প্ৰকাশ পায়। উল্লেখ্য যে, ৫ দিনীয়া কাৰ্যসূচী লৈ গুৱাহাটীত উপস্থিত হৈছে লোকসভাৰ অধ্যক্ষ ওম বিৰলা৷ কমনৱেলথ সংসদীয় সংস্থাৰ কাৰ্যনিৰ্বাহক মুকলি কৰি কামাখ্যা মন্দিৰ পৰিদৰ্শন কৰিব৷ আবেলি ৪ বাতি ৩০ মিনিটত মাছখোৱা সাংস্কৃতিক প্ৰকল্পত বিশেষ অনুষ্ঠানত অংশ ল’ব৷ ১১ এপ্ৰিলত কমনৱেলথ সংসদীয় সংস্থাৰ ভাৰতীয় ক্ষেত্ৰৰ অষ্টম সন্মিলন মুকলি কৰি ১১ এপ্ৰিলত আন কেইবাটাও অনুষ্ঠানত অংশ গ্ৰহণ কৰিব৷ ১২ এপ্ৰিলৰ ১২ বাজি ৩০ মিনিটত কমনৱেলথ সংসদীয় সংস্থাৰ সন্মিলনত অংশ লৈ ১২ এপ্ৰিলৰ সন্ধিয়া ৬ বাজি ২০ মিনিটত দিল্লীলৈ উৰা মাৰিব৷ কালি গুৱাহাটী বিমানবন্দৰত ওম বিৰলাক আদৰণি জনাই বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে৷ কমনৱেলথ সংসদীয় সংস্থাৰ (চিপিএ) সন্মিলত অংশ লোৱাৰ উদ্দেশ্যে ওম বিৰলাই গুৱাহাটীত উপস্থিত হয়৷ সমগ্ৰ কমনৱেলথত ১৭ হাজাৰ সাংসদ আৰু ১৮০ খন সংসদীয় পৰম্পৰাৰ দেশ জড়িত হৈ আছে৷ ইতিমধ্যে কমনৱেলথ সংসদীয় সংস্থাৰ বহু আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধি গুৱাহাটীত উপস্থিত হৈছে৷ গুৱাহাটীত অনুষ্ঠিত হৈ থকা কমনৱেল্থ এচ’ছিয়েচনৰ সভাত অংশ লবলৈ অহা কেইবাখনো দেশৰ প্ৰতিনিধিয়ে বিগত কেইবাটাও দিনত অসমৰ বিভিন্ন প্ৰান্ত ভ্ৰমণ কৰিছে৷