March 26, 2023, 1:32 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

অসম-নগালেণ্ড সীমান্তত কাৰ্বি আংলং আৰক্ষীৰ অভিযান, বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ, জালত ২

Reporter Name
  • Update Time : Monday, August 31, 2020
  • 162 Time View

বোকাজানঃ পাহাৰীয়া জিলা কাৰ্বি আংলংৰ বোকাজান মহকুমাৰ অন্তৰ্গত ডিলাই আৰক্ষীয়ে সোমবাৰে পুৱা এক অভিযান চলাই বুজন পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। এক গোপন খবৰৰ ভিত্তিত ডিলাই আৰক্ষী থানাৰ অন্তৰ্গত অসম-নগালেণ্ড সীমান্তৱৰ্তী ডিলাই-লাহৰীজান তহলদাৰী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মনেজ্জ্বল গগৈৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ডিলাই-লাহৰীজানত তাৎক্ষণিকভাৱে বহুওৱা নাকাত ডিমাপুৰৰ পৰা আহি থকা এএছ-২৫-ডিচি-৬৮১৬ নম্বৰৰ টাটা কোম্পানীৰ ডি আই গাড়ীখনৰ স্পেয়াৰ টায়াৰ ভিতৰত ৩৩ টা চাবোনৰ বাকচত ভৰাই অনা অৱস্থাত ড্ৰাগছখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

বাহনখনৰ পৰা আৰক্ষীয়ে মুঠ ৫৭২ গ্ৰাম হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয়। ড্ৰাগছ খিনিৰ সৈতে আৰক্ষীয়ে গোলাঘাট জিলাৰ চুঙাজান থানাৰ অন্তৰ্গত পঞ্চমুখী টেঙাতলৰ চাদ্দাম হুছেইন (২৫) আৰু নগাঁও জিলাৰ জুৰীয়া থানাৰ অন্তৰ্গত লালুং গাঁৱৰ কাছেম আলি (২৯) নামৰ দুজন যুৱকক আটক কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে, বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাস আৰু ডিলাই থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজু বাহাদুৰ ছেত্ৰীৰ তত্বাৱধানত এই অভিযান চলোৱাৰ লগতে জব্দকৃত ড্ৰাগছখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত আনুমানিক মূল্য ত্ৰিশ লক্ষাধিক টকাৰ বুলি আৰক্ষী সূত্ৰে প্ৰকাশ।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে