February 1, 2023, 2:11 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি APDCLৰ লোকচানৰ বোজা সাধাৰণ জনতাৰ ওপৰত জাপি দিয়া কাৰ্য মানি লোৱা নহ’বঃ আপ টুকটুকী ছায়া স্মৃতি এম ই মাদ্ৰাছাৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰীক বিদায় সম্বৰ্ধনা মুখ্যমন্ত্ৰীয়ে নাই বুলি কোৱাৰ পাছতো বিজেপিৰ বিধায়ক ৰমাকান্তৰ মতে বাঘ হাজৰিকা আছিল অৰবিন্দ কেজৰিৱালক হত্যাৰ ভাবুকিঃ মাজনিশা আৰক্ষীলৈ আহিল ফোনকল বেবেজীয়াত প্ৰাকৃতিক পৰিবেশত ‘ৰ’দঘাই বেবেজীয়া’ৰ নাট মহোৎসৱৰ সফল সামৰণি আদানি-কাণ্ডৰ ফলত ক্ষতিগ্ৰস্ত ৰাজহুৱা খণ্ডৰ বেংক-বিত্তীয় প্ৰতিষ্ঠানত বিনিয়োগ কৰা অসমৰ লোকৰ ধন কিমান নিৰাপদ? বিবিচিৰ ডকুমেণ্টৰী নিষিদ্ধ সন্দৰ্ভত ৬ ফেব্ৰুৱাৰীত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে জনসংখ্যা নিয়ন্ত্ৰণ আইন প্ৰৱৰ্তন নকৰিলে ৫০ বছৰৰ পিছত সুৰক্ষিত নাথাকিব ৰাম মন্দিৰ আদানিক চেলেঞ্জঃ তথ্যসহকাৰে নাকচ কৰক হিণ্ডেনবাৰ্গৰ অভিযোগ ‘পাঠান’ অপসংস্কৃতি, অপসংস্কৃতিক প্ৰাধান্য দিয়া সকলে ‘পাঠান’ চাইছেঃ ভৱেশ কলিতা

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক ৰাতুল বৰগোহাঁই আৰু উপ-সভাপতি দেৱজিৎ দাসক সম্বৰ্ধনা

Reporter Name
  • Update Time : Friday, January 13, 2023
  • 18 Time View

অশ্বিনী কুমাৰ দুৱৰা, ধেমাজি, ১৩ জানুৱাৰীঃ শদিয়া অধিৱেশনত অলপতে নিৰ্বাচিত হোৱা অসম জাতীয়াবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক ৰাতুল বৰগোহাঁই আৰু উপ-সভাপতি দেৱজিৎ দাসক আজি বিয়লি ধেমাজি থানা তিনি আলিস্থিত শ্বহীদ উদ্যানৰ ধেমাজি আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ত ধেমাজি জিলা ছাত্ৰ সন্থাই উষ্ম আদৰণি জনোৱাৰ লগতে সৰ্ম্বধনা জনায়৷
এই উপলক্ষে অনুষ্ঠিত হোৱা সম্বৰ্ধনা সভাখনৰ আঁত ধৰে ধেমাজি জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জয়ন্ত বৰগোহাঁয়ে৷ সভাৰ আৰম্ভণিতে ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ দাসৰ লগতে জিলাৰ অন্যান্য বিষয়ববীয়াসকলে সম্বৰ্ধনা জনোৱাৰ পিছতেই ধেমাজি আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি ৰাজু স্বাৰ্গীয়াৰী আৰু সাধাৰণ সম্পাদক ৰণ্টু গগৈয়ে সম্বৰ্ধনা জনায়৷ ইয়াৰ উপৰি নৱনিবাচিত বিষয়ববীয়া দুগৰাকীক ধেমাজি জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি আৰু সাধাৰণ সম্পাদকসকলেও একোখন কৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনায় ৷ অনুষ্ঠানত সম্বৰ্ধনা গ্ৰহণ কৰি অসম জাতয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নিৰ্বাচিত সাধাৰণ সম্পাদক ৰাতুল বৰগোহাঁইয়ে বক্তব্যত কয় যে, অসম জাতয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ যি সংগ্ৰামী ধাৰা প্ৰতিটো খোজতেই মিল আছে। জাতীয় জীৱনৰ প্ৰতি অহা প্ৰতিটো সমস্যা ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যত জীৱনৰ প্ৰতি লক্ষ্য ৰাখি সংগ্ৰাম অব্যাহত ৰাখিব লাগিব। অনাগত দিনত সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতয়তাবাদী যুৱ ছাত্ৰ পৰিষদ একেলগ হৈ জাতীয় জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ আশ্বাস প্ৰদান কৰে ৷ অনুষ্ঠানত ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ দাসেও বক্তব্য ৰাখি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সৈতে জাতীয় জীৱনৰ প্ৰতি থকা ভাবুকি, প্ৰতিটো সমস্যা একে লগ হৈ প্ৰতিহত কৰাৰ আশ্বাস দিয়ে।

আদৰণি অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ তথ্য সম্পাদক মন্টুৰাজ বৰুৱা, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ৰবি কছাৰী,জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা দীপক শৰ্মা, ধেমাজি মহকুমা ছাত্ৰ সন্থাৰ সভাপতি অৰবিন্দ গগৈৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ সাধাৰণ সম্পাদক হিতেশ বাইলুং, উপ-সভপতি বিষ্ণু শৰ্মা, সাংস্কৃতিক সম্পাদক ভূপেন দিহিঙীয়া, শিক্ষা সম্পাদক পুলেন দাস, বিত্ত সম্পাদক দেৱজিৎ চুতীয়াকে ধৰি জিলা আৰু ধেমাজি সদৰ আঞ্চলিকৰ বহুকেইগৰাকী বিষয়ববীয়া উপস্থিত থাকে৷ একেদৰে ধেমাজি প্ৰেছ ক্লাবতো বিয়লি ৩ বজাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নৱনিবাচিত সাধাৰণ সম্পাদক ৰাতুল বৰগোহাঁইক প্ৰেছ ক্লাবে সম্বৰ্ধনা জনায়৷ এই উপলক্ষে অনুষ্ঠিত হোৱা

সম্বৰ্ধনা সভাত প্ৰেছ ক্লাবৰ জ্যেষ্ঠ, কনিষ্ঠ বহু কেইগৰাকী সংবাদসেৱীৰ লগতে ধেমাজি জিলা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু ধেমাজি সদৰ আঞ্চলিক সমিতিৰ বিষয়ববীয়া তথা কৰ্মকতাসকলেও উপস্থিত থাকে৷
অনুষ্ঠানৰ অন্তত নৱনিবাচিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদকগৰাকীয়ে বক্তব্য ৰাখি অসম আৰু অসমবাসীৰ উন্নয়নৰ স্বাৰ্থত জাতীয়তাবাদী চিন্তাধাৰা আৰু সংগ্ৰামী সত্বাৰে সংগঠনটোৰ আগুৱাই লৈ যাব বুলি উল্লেখ কৰি চতুৰ্থস্তম্ভৰ তথা সংবাদজগতৰ অবিহনে ই কেতিয়াও সম্ভৱ নহয় বুলি কয়৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে