গুৱাহাটীঃ অসম ৰাজ্যিক বিজেপিয়ে আজি ভাৰ্চুৱেল ৰেলী অনুষ্ঠাত কৰে৷ ভাৰ্চুৱেল ৰেলীত শাসকীয় বিজেপি দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱ উপস্থিত থাকি অসমৰ বিজেপিৰ কৰ্ম-কৰ্তাক সম্বোধন কৰে৷ এই ৰেলীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাস সহ অসমৰ সাংসদ, অসম মন্ত্ৰী সভাৰ কেইবাগৰাকী মন্ত্ৰী, বিধায়ক উপস্থিত থাকে৷
ভাৰ্চুৱেল ৰেলী বিজেপিৰ নেতাসকলে ফেচবুক পেজ, টুইটাৰ একাউণ্ট আদি জৰিয়তে লাইভ কৰা দেখা যায়৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ শোণোৱাল, ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসৰ পিছতে জেপি নাড্ডাই ভাষণ প্ৰদান কৰি অসমৰ জমগণক ক’ৰোনা মহামাৰীৰ বিৰুদ্ধে যুঁজ দিয়া কাৰ্যক প্ৰশংসা কৰে৷ ৰাজ্য চৰকাৰে ক’ৰোনাৰ বিৰুদ্ধে যুঁজ দিয়াত শলাগ লয়৷ লগতে অসমৰ ৰাইজে বিজেপিক অন্তৰৰ পৰা আকোৱালি লোৱা বুলি কয়৷
‘অসম জন সম্বোধন’ ভাৰ্চুৱেল ৰেলীত অসমৰ ইমূৰৰপৰা সিমূৰলৈ নিষ্ঠাৱান কাৰ্যকর্তাসকলে অংশগ্ৰহণে কৰে৷ ড০ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ সংগতি ৰাখি পালন কৰা ‘বলিদান দিৱস’ত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অসমৰ সৰ্বাংগীণ উন্নয়নৰ যাত্ৰাক নিৰন্তৰ গতিত আগুৱাই লৈ যোৱাৰ বাবে প্ৰতিজ্ঞাবদ্ধ হৈছো বুলিও কয় মুখ্যমন্ত্ৰী সোণোৱালে৷