যোৰহাটঃ নতুন দিল্লীৰ নেতাজী সুভাষ ইনষ্টিটিউট অৱ টেকনলজীত অনুষ্ঠিত নেচনেল ইণ্টিগ্ৰেচন কেম্পত অসমক প্ৰতিনিধিত্ব কৰা অসম কৃষি বিশ্ববিদ্যালয়ৰ দলটোৱে সাতটা শাখাত শ্ৰেষ্ঠ প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। ২৩-২৯ মে’ লৈ অনুষ্ঠিত আৰু দেশৰ ১২ খন ৰাজ্যৰ দলে অংশগ্ৰহণ কৰা কেম্পত অসমৰ দলটোৱে দলীয় শাখাত পাঁচটা আৰু ব্যক্তিগত শাখাত দুটা পদক লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ৰহা মীন মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক তথা ৰাষ্ট্ৰীয় সেৱা আচনিৰ প্ৰগেম অফিচাৰ ইমতিয়াজ আহমেদৰ নেতৃত্বত যোৱা ৯ জনীয়া দলটোৰ কৃষি মহাবিদ্যালয়ৰ ছাত্ৰ যুগব্ৰত হাজৰিকাই প্ৰথম শ্ৰেষ্ঠ স্বেচ্ছাসেৱক সন্মান লাভ কৰাৰ উপৰিও কৃষি মহাবিদ্যালয়ৰ ছাত্ৰী অংকিতা বনিয়াই বক্তৃতা শাখাত প্ৰথম শ্ৰেষ্ঠ সন্মান লাভ কৰে। দলগত ভাবে বেষ্ট কণ্টজেণ্ট এৱাৰ্ড লাভ কৰাৰ লগতে ক্লথ পেইন্টিঙ, ৰংগোলী আৰু পোষ্টাৰ মেকিঙত দ্বিতীয় শ্ৰেষ্ঠ স্থান লাভ কৰে দলটোৱে। ৰাজ্যখনক প্ৰতিনিধিত্ব কৰা অসম কৃষি বিশ্ববিদ্যালয়ৰ দলটোৰ সফলতাৰ বাবে ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰাই বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ বিদ্যুত চন্দন ডেকা সমন্বিতে বিশ্ববিদ্যালয় পৰিয়ালক শুভেচ্ছা জ্ঞাপন কৰিছে। অসম কৃষি বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ সমন্বয়ক তথা ছাত্ৰ কল্যাণ সঞ্চালকে বিশ্ববিদ্যালয় উপাচাৰ্যৰ লগতে ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ আঞ্চলিক সঞ্চালক দীপক কুমাৰক সহায় সহযোগিতাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে।