February 6, 2023, 9:15 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি নগাঁও-মৰিগাঁৱৰ সীমান্তৱৰ্তী কহুঁৱাআটীত আন্তঃৰাষ্ট্ৰীয় শৈৱ সংঘৰ স্থাপনা সমাৰোহ সম্পন্ন মিছন বসুন্ধৰা আঁচনিৰ আবেদনৰ অন্তিম দিন ৩১ মাৰ্চলৈ বৃদ্ধি নগাঁৱৰ হিন্দু মিলন মন্দিৰত মাঘী পূৰ্ণিমা উদযাপন হিমালয়ৰ পাদদেশ আছে বিপদজনক অৱস্থাতঃ তুৰস্কৰ ভূমিকম্পত ২০০ জনৰ প্ৰাণহানি ইটোৰ পিছত সিটো বিৰ্তকই লগ এৰা নাই এজন ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰক কাছাৰত চাঞ্চল্যকৰ ঘটনাঃ প্ৰেমিকৰ সৈতে সোনকালে বিয়া হ’ব নোৱাৰাৰ আশংকাত চৰম সিদ্ধান্ত ১৬ বছৰীয়া মাহমুদা বেগমৰ দেশৰ ১০ জন ধনী সাংসদৰ তালিকাত আজমলঃ ১০ বছৰত ৪৮ কোটি টকাৰ সম্পত্তি বৃদ্ধি মাৰ্কিন আকাশত ধ্বংস হ’ল চীনৰ সন্দেহজনক ‘স্পাই বেলুন আৰক্ষীৰ অভিযান চলি আছেঃ শহুৰেকৰ ঘৰতে আত্মহত্যাৰ চেষ্টা ১৮ বছৰীয়া অংকুৰৰ পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পাৰভেজ মুশ্বাৰফৰ দেহাৱসান

অসম কৃষি বিশ্ববিদ্যালয়ৰ ‘কুঁহিপাত’ আঁচনি, ১৫০ মেট্ৰিক টন লাৱণ্য ধানৰ বীজ উৎপাদনৰ লক্ষ্য

Reporter Name
  • Update Time : Tuesday, June 7, 2022
  • 73 Time View

যোৰহাটঃ অসম কৃষি বিশ্ববিদ্যালয়ে ‘আমাৰ গাঁও আমাৰ গৌৰৱ’ কৰ্মসূচীৰ অধীনত আজি প্ৰথমটো কৃষি উৎপাদন প্ৰতিষ্ঠান আৰম্ভ কৰে। বিশ্ববিদ্যালয়খনে নিজাববীয়াকৈ আৰম্ভ কৰা ‘আমাৰ গাঁও আমাৰ গৌৰৱ’ কাৰ্যসূচীৰ অধীনত তিতাবৰ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ জৰিয়তে যোৰহাট জিলাৰ তিতাবৰৰ কৃষি অধ্যুষিত দেউঘৰীয়া,লালুঙ, পালেঙীআৰু দিহিঙ্গীয়া গাঁৱৰ কৃষকসকলক লৈ আৰম্ভ কৰা ‘কুঁহিপাত’ নামেৰে এই কৃষি উৎপাদন প্ৰতিষ্ঠানটো আৰম্ভ কৰে। অনুষ্ঠানতে নিৰ্বাচিত কৃষকসকলক বিশ্ববিদ্যালয়ে নতুনকৈ উদ্ভাৱন কৰা লাৱন্য ধানৰ বীজ বিতৰণ কৰে। তিতাবৰৰ দেউঘৰীয়া গাঁৱত অনুষ্ঠিত এক অনুষ্ঠানত আদৰণি ভাষণ আগবঢ়াই তিতাবৰ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ড০ সঞ্জয় কুমাৰ চেতিয়াই কয় যে আমাৰ গাঁও আমাৰ গৌৰৱ আঁচনিৰ অধীনত দেউঘৰীয়া, লালুঙ, পালেঙী আৰু দিহিঙ্গীয়া গাঁও বাচনি কৰি কৃষকৰ আয় দুগুণ কৰিবলৈ প্ৰাৰম্ভিক ভাবে কৃষক উৎপাদন প্ৰতিষ্ঠানটো আৰম্ভ কৰি সামূহিক ভাবে উৎপাদন প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। তাৰ অধীনতে বিশ্ববিদ্যালয়ে শেহতীয়াকৈ উদ্ভাৱন কৰা পাৰ্পল ধান ‘লাৱণ্য’ৰ বীজ বিতৰণ কৰি তাৰ জৰিয়তে উৎপাদিত ধান কেজিত কমপক্ষেও ২০-২৫ টকাকৈ যাতে কৃষকে লাভ কৰিব পাৰে তাৰ প্ৰয়াস কৰা হৈছে। এই উদ্দেশ্যত সফল হবলৈ এটা কাষ্টম হিয়েৰিঙ চেন্টাৰো আৰম্ভ কৰা হৈছে। সভাত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি যোৰহাট জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মণে কয় যে লাৱন্যৰ বীজৰ জৰিয়তে নতুন সৃষ্টিৰ জাগৰণ হ’ব। কৃষক অধিক লাভান্বিত হব।বিশ্ববিদ্যালয়ে অধিক উৎপাদনক্ষম বহু বীজ উৎপাদন কৰিছে। অসমৰ মাটি আৰু পানীৰ আপোনালোকে সদব্যৱহাৰ কৰক। আমি খেতি কৰি থাকিলেহে মাটি থাকিব। মাটি থাকিলেহে সংস্কৃতি থাকিব ।খেতিৰ লাভজনক ক্ষেত্ৰবোৰ চিনাক্ত কৰি উৎপাদন কৰিব লাগিব। লিপিকা তালুকদাৰে আঁত ধৰা অনুষ্ঠানটোত যোৰহাট জিলা কৃষি বিষয়া বেণীমাধৱ বৰুৱাই কয় যে শেহতীয়া ধাৰণাৰে কৃষক উৎপাদন প্ৰতিষ্ঠান আৰম্ভ কৰি কৃষিৰ বাবে আগবাঢ়ি অহাটো অতিকে ভাল খবৰ। ইয়াৰ অধীনত আপোনালোকে সঠিক উন্নতমানৰ বীজ উৎপাদন কৰিলে অধিক লাভালাভ কৰিব পৰা যাব। দুতৰপীয়া খেতি কৰি অধিক আগুৱাই যাবলৈ শেহতীয়া ধাৰণা আৰু পৰিকল্পনাৰ জৰিয়তে আগবাঢ়ি যাব লাগিব। ধান খেতিৰ উপৰিও ফলমুল তথা শাক পাচলিৰ খেতি কৰি উৎপাদন দুগুণ কৰিব নোৱাৰিম। অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত কৃষি গৱেষণা সঞ্চালক অৰুণ কুমাৰ পাঠকে কয় যে গ্ৰামাঞ্চলৰ কৃষক সকলক একত্ৰিত কৰি সামুহিক দৃষ্টিভংগীৰে কৃষকৰ উৎপাদন বৃদ্ধি কৰাৰ বাবে সংগবদ্ধ প্ৰচেষ্টাৰে আগবাঢ়িব লাগিব। অনুষ্ঠানত অংশ গ্ৰহণ কৰি যোৰহাট অনাতাৰ কেন্দ্ৰৰ অনুষ্ঠান মুৰব্বী অঞ্জুমা দাস, নীলাচল প্ৰাইভেট কোম্পানীৰ সঞ্চালক অচিন্ত দাস আৰু তিতাবৰৰ মহকুমাধিপতি গায়ত্ৰী দেৱীদাস ,মহকুমা পশুপালন বিষয়া ৰঞ্জিত গগৈয়েও বক্তব্য আগবঢ়ায়। শলাগ জ্ঞাপন কৰে, তিতাবৰ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ মিলনজ্যোতি কোঁৱৰে।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে