যোৰহাটঃ কৃষি শিক্ষা, গৱেষণা আৰু সম্প্ৰসাৰণৰ দিশত প্ৰণালীবদ্ধভাৱে আগবঢ়োৱা উৎকৃষ্ট সেৱাৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়লৈ ৰাষ্ট্ৰীয় কৃষি শিক্ষা মুল্যায়ন বৰ্ডে ‘এ’ গ্ৰেড প্ৰদান কৰিছে। ৰাষ্ট্ৰীয় কৃষি শিক্ষা মুল্যায়ন বৰ্ডৰ ১৭ মাৰ্চত অনুষ্ঠিত ৩০ সংখ্যক সভাৰ সিদ্ধান্ত মৰ্মে অসম কৃষি বিশ্ববিদ্যালয়ক ‘এ’ গ্ৰেড প্ৰদান কৰিছে। ভাৰতীয় কৃষি অনুসন্ধান পৰিষদৰ শিক্ষা মান পৰীক্ষা আৰু সংস্কাৰ শাখাৰ সহকাৰী সঞ্চালক প্ৰধান ড০ পি.এছ পাণ্ডেয়ে অসম চৰকাৰ আৰু বিশ্ববিদ্যালয়ৰ উপাচাৰ্যলৈ প্ৰেৰণ কৰা পত্ৰৰ জৰিয়তে এই বিষয়ে জানিবলৈ দিছে। বিশ্ববিদ্যালয়খনৰ এই মূল্যায়ন ২০২৬ চনৰ ৩১ মাৰ্চ লৈকে অহা ৫ বছৰৰ বাবে প্ৰযোজ্য হ’ব৷ উল্লেখ্য যে, ৰাষ্ট্ৰীয় কৃষি শিক্ষা মুল্যায়ন বৰ্ডৰ পাঁচজনীয়া এটা দলে বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ৯খন মহাবিদ্যালয় পৰিদৰ্শন কৰাৰ লগতে দৃশ্যশ্ৰাব্য ব্যৱস্থাপনাৰে বিশ্ববিদ্যালয়ৰ অভ্যন্তৰীণ অৱস্থাৰ বিস্তৃতভাবে বুজ লোৱাৰ পিছত এই সন্মান প্ৰদান কৰে। মূল্যায়নৰ পিছত বিশ্ববিদ্যালয়খনে স্ব শিক্ষণ ব্যৱস্থাৱলী, শিক্ষাৰ্থী-শিক্ষক তথা ডিগ্ৰী পাঠ্যক্ৰমৰ গতিবিধি নিয়মীয়াকৈ পৰ্যবেক্ষণ কৰিব ভাৰতীয় কৃষি অনুসন্ধান পৰিষদে।তদুপৰি স্নাতক-স্নাতকোত্তৰ আৰু পিএইচ ডি ডিগ্ৰী সম্পৰ্কীয় সামৰ্থতা তথা ফেকাল্টী-কাৰিকৰী আৰু সহযোগী কৰ্মচাৰীৰ স্ব-মূল্যায়িত প্ৰতিবেদনো নিয়মীয়াকৈ প্ৰস্তুত কৰিব লাগিব। ইতিমধ্যে এই খবৰে অসম কৃষি বিশ্ববিদ্যালয় পৰিয়ালক উৎফুল্লিত কৰি তুলিছে। এই সন্দৰ্ভত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ বিদ্যুত চন্দন ডেকাই কয় যে এই সন্মান আমাৰ দলগত প্ৰচেষ্টাৰ ফচল। আমাৰ বিশ্ববিদ্যালয় পৰিয়ালে সামূহিকভাবে দায়বদ্ধতাৰে নিৰৱচ্চিন্নভাবে কাম কৰি অহাৰ বাবেই আমি এইবাৰ ৩ঃ২০ লাভ কৰি ‘এ’ গ্ৰেড লাভ কৰিছো। গ্ৰেড লাভৰ পিছতে আমাৰ বিশ্ববিদ্যালয়ে আৰ্থিক অনুদান লাভৰ দিশত অধিক সহায়ক হৈ আমাৰ উত্তৰণৰ দিশত ফলপ্ৰসু হ’ব বুলি আশা কৰিছো।