যোৰহাটঃ আমাৰ উপান্ত খেতিয়কসকলে মাটিক সঠিকভাবে ব্যৱহাৰ কৰি কৃষিক বৃত্তি হিচাপে ল’লে কৃষকসকল সঁচা অৰ্থত উপকৃত হ’ব। আমাৰ মাটি সাৰুৱা আৰু এই সাৰুৱা মাটিক সঠিকভাবে ব্যৱহাৰ কৰিলে উৎপাদন বৃদ্ধি কৰি বাহিৰৰ বজাৰো আমি দখল কৰিব পাৰিম। যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত আজিৰে পৰা অনুষ্ঠিত আঞ্চলিক কৃষি মেলা উন্মোচন কৰি এই মত ব্যক্ত কৰে অসমৰ কৃষিমন্ত্ৰী অতুল বৰাই। উত্তৰ পূৰ্বাঞ্চল ভিত্তিক সৰ্ববৃহৎ এই মেলাখনৰ উন্মোচনী বক্তব্যত মন্ত্ৰীগৰাকীয়ে লগতে কয় যে নতুন প্ৰজন্ম কৃষি আৰু আনুসংগিক ক্ষেত্ৰত সংযোজিত হোৱাটো ভাল খবৰ। ৰাজ্যৰ কৃষিখণ্ডক আগবঢ়াই নিবলৈ বহু সুস্থ পৰিকল্পনা কৰা হৈছে আৰু ইয়াৰ জৰিয়তে কৃষি অৰ্থনীতিৰ বিকাশ হ’ব বুলি আমা আশাবাদী। উত্তৰ পূৱৰ সাতখন ৰাজ্য তথা ছিকিমৰ অংশগ্ৰহণেৰে অনুষ্ঠিত মেলাখনৰ উন্মোচনী অনুষ্ঠানত আদৰণি ভাষণত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ বিদ্যুত চন্দন ডেকাই কয় যে উত্তৰ পূৰ্বাঞ্চল ভিত্তিত এক কৃষি আচনি তৈয়াৰ কৰি একত্ৰিত ভাবে আগবাঢ়ি যাব লাগিব। উত্তৰ পূৱৰ ৰাজ্যসমূহ বেলেগ বেলেগ সামগ্ৰীৰ বাবে বিখ্যাত। সেই সামগ্ৰীসমূহ একত্ৰিত কৰি আগবাঢ়িব পাৰিলে দেশৰ অন্য স্থানে আমাক বেলেগ দৃষ্টিৰে চাবলৈ বাধ্য হ’ব। অসমকো আমি খাদ্য শস্যৰ উৎপাদনত স্বাৱলম্বী কৰি দেশৰ অন্য ৰাজ্যৰ চাহিদা পূৰণৰ লক্ষৰে আগবাঢ়িবলৈ যত্ন কৰা হৈছে। আমি মেছেজ দিব বিচাৰিছো যে দেশৰ অন্য ৰাজ্যৰ বাবেও অসম তথা উত্তৰ পূৰ্বাঞ্চলে বহু চিন্তা কৰে আৰু দেশৰ জনগণৰ চাহিদা পূৰণত ভূমিকা লব পাৰো। ভৱিষ্যতে কৃষিনিৰ্ভৰ এক সুন্দৰ উত্তৰ পূৱ বনাব পাৰিম বুলি আশাবাদী। ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচাই বক্তব্যত কয় যে ভৱিষ্যতৰ দিনত আমি এই মেলাখন দিল্লী বা দেশৰ অন্য উন্নত চহৰত পাতিবৰ বাবে ব্যৱস্থা লব লাগে যাতে আমাৰ উৎপাদিত সামগ্ৰীৰ অধিক সংখ্যক লোকে প্ৰত্যক্ষ কৰিব পাৰে। খেতিয়কে খেতি নকৰিলে কোনে কৰিব বুলি প্ৰশ্ন কৰি কয় যে আমি যি কামেই নকৰো খেতিৰ ফচলেই খাব লাগিব। কিন্তু আমাৰ মাজত এনে এটা শ্ৰেণীৰ সৃষ্টি হৈছে যি খেতি কৰিবলৈ নকয়। এইটো আমাৰ ডাঙৰ বিফলতা হৈ পৰিছে। এনে চিন্তাৰ বাবেই খেতিত শিক্ষিত মানুহ কম বাবে কাৰিকৰী প্ৰযুক্তি কৌশল ভালকৈ নজনাৰ বাবে আমাৰ কৃষি পিছপৰি আছে ।আমাৰ উৎপাদনৰ সঠিক বিপনন আৰু দীৰ্ঘদিন যাতে উৎপাদিত সামগ্ৰী ৰাখিব পাৰি তাৰ বাবে বিকল্প চিন্তাচৰ্চা কৰিব লাগে যাতে কৃষক অধিক লাভান্বিত হব পাৰে। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ যুটীয়া সঞ্চালক সুধীৰ কুমাৰ, জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মণ আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড০ প্ৰসন্ন কুমাৰ পাঠকেও বক্তব্য ৰখা সভাখনত বিধায়কদ্বয় ভবেন ভৰালী, ভাস্কৰ বৰুৱা, আটাৰীৰ ডাইৰেক্টৰ একে সিং উপস্থিত থাকে। উন্মোচনী অনুষ্ঠানতে মেলাৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা স্মৃতি গ্ৰন্থৰ লগতে কেবাখনো গ্ৰন্থ আৰু পুস্তিকা উন্মোচন কৰাৰ লগতে অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ৫ গৰাকী প্ৰগতিশীল কৃষকক সংবৰ্ধনা জনোৱা হয়। উল্লেখ্য, তিনিদিনীয়া কাৰ্যসূচীৰে অয়োজিত এই মেলা আজিৰে পৰা ১৪ মাৰ্চলৈ অসম কৃষি বিশ্ববিদ্যালয়ৰ যোৰহাটস্থ মুল চৌহদত অনুষ্ঠিত হ’ব। উত্তৰ পূৰ্বাঞ্চলৰ সাতখন ৰাজ্যৰ লগতে ছিকিমৰ প্ৰতিনিধিৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হবলগীয়া এই মেলাত কৃষক, কৃষি আৰু আনুসংগিক ক্ষেত্ৰৰ লগত জড়িত উদ্যোগীয়ে অংশ গ্ৰহণ কৰিছে। এই মেলাৰ প্ৰদৰ্শনীত অসম কৃষি বিশ্ববিদ্যালয়ৰ লগতে কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয় ইম্ফল, বৰাপানীস্থ ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানৰ উত্তৰ পূৱ পাৰ্বত্য কেন্দ্ৰ, আন্তৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠান ,ৰাজ্যিক কৃষি বিভাগ, ৰাজ্যিক উদ্যান শস্য বিভাগ, কেন্দ্ৰীয় এৰি মুগা গৱেষণা প্ৰতিষ্ঠান,ভাৰতীয় চাহ বৰ্ড, বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানেও অংশগ্ৰহণ কৰিছে। এই প্ৰদৰ্শনীত শস্য আৰু শস্য উৎপাদন, কৃষি ভিত্তিক মুল্য সংযোজিত আৰু সংসাধন সামগ্ৰী, পৰম্পৰাগত সম্পদৰ অনুশীলন, পশুপালন আৰু মীনপালন তথা কৃষি যান্ত্ৰিকীকৰণ আদি ক্ষেত্ৰই অংশগ্ৰহণ কৰিছে। মেলাৰ লগত সংগতি ৰাখি কৃষি উদ্যোগী সমাবেশ, কৃষক প্ৰশিক্ষণ,কৃষক ফৰাম,কৃষক বিজ্ঞানীৰ মত বিনিময় আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব। এই মেলাত অসমৰ ২৩ টা কৃষি বিজ্ঞান কেন্দ্ৰৰ লগতে অন্যান্য ৰাজ্যৰ কৃষি বিজ্ঞান কেন্দ্ৰসমুহেও অংশ গ্ৰহণ কৰিছে।