যোৰহাটঃ মাইক্ৰফৰেষ্ট গ্ৰীণ জ’নৰ এক অভিনৱ পৰিকল্পনাৰে আজিৰে পৰা অসম কৃষি বিশ্ববিদ্যালয়ে আৰম্ভ কৰিছে এক সেউজ সজাগতা অভিযান। বিশ্ব পৰিবেশ দিৱসৰ দিনটোতে আজি বিশ্ববিদ্যালয়ৰ যোৰহাট চৌহদত এই পৰিকল্পনাৰ শুভাৰম্ভ কৰে অসম কৃষি বিশ্ববিদ্যালয় পৰিয়ালে। বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ উদ্যোগত অনুষ্ঠিত বিশ্ব পৰিৱেশ দিৱসৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি গছপুলি ৰোপনেৰে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। অসম বিজ্ঞান সমিতিৰ অসম কৃষি বিশ্ববিদ্যালয় শাখা আৰু বেচৰকাৰী সংস্থা অপ্ৰতিৰোধ্যৰ সহযোগত বিশ্ব পৰিৱেশ দিৱসৰ এই কাৰ্যসূচীত গছপুলি ৰোপণৰ লগতে পৰিৱেশ সংৰক্ষণ সম্পৰ্কে এক সজাগতা অনুষ্ঠান অনুষ্ঠিত হয়। ড০ বসন্ত কুমাৰ বৰাই আতধৰা কাৰ্যসূচীত বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক ড০ ৰাণা প্ৰতাপ ভূঞা, পঞ্জীয়ক তপন কুমাৰ গোহাঁই আৰু সামূহিক বিজ্ঞানগুৰু ড০ ৰূমা ভট্টাচাৰ্যই পৰিৱেশ সংৰক্ষণ আৰু সচেতনতাৰ ওপৰত বক্তৃতা আগবঢ়ায়। অপ্ৰতিৰোধ্যৰ বিশ্বজ্যোতি মহন্ত আৰু অংকিতা বনিয়াই পৰিৱেশ সংৰক্ষণত যুৱ প্ৰজন্মৰ ভূমিকাৰ বিষয়ে সতীৰ্থসকলক সজাগ সচেতন হ’বলৈ আহ্বান জনায়। ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কবিতা লেখন, শ্ল’গান লেখন আৰু প’ষ্টাৰ অংকন প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয়। পৰিবেশ দিৱসৰ কাৰ্যসূচীত বিশ্ববিদ্যালয়ৰ যুটীয়া পঞ্জীয়ক ড০ অনুপ কুমাৰ দাস, সহযোগী সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড০ ৰঞ্জিত কুমাৰ সাউদৰ লগতে বিশ্ববিদ্যালয়ৰ কেইবাটাও বিভাগৰ মুৰব্বী অধ্যাপক, গৱেষক, বিজ্ঞানী তথা ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে।