যোৰহাটঃ অসম কৃষি বিশ্ববিদ্যালয়ে আৰম্ভ কৰা চাহ উৎপাদন প্ৰযুক্তি আৰু বুদ্ধিদীপ্ত ব্যৱস্থাপনাৰ স্নাতকোত্তৰ ডিপ্লমা পাঠ্যক্ৰম আজিৰে পৰা বিশ্ববিদ্যালয়ৰ যোৰহাটস্থ মূল চৌহদত আৰম্ভ হৈছে। বিশ্ববিদ্যালয়খনে প্ৰথমবাৰৰ বাবে প্ৰবৰ্তন কৰা এবছৰীয়া পাঠ্যক্ৰমৰ আনুষ্ঠানিকভাবে শুভাৰম্ভণি কৰে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ড০ বিদ্যুত চন্দন ডেকাই। বিশ্ববিদ্যালয়ৰ চাহ কৃষিকৰ্ম আৰু প্ৰযুক্তিবিদ্যা বিভাগত অনুষ্ঠিত এই অনুষ্ঠানত বক্তব্য ৰাখি উপাচাৰ্য গৰাকীয়ে কয় যে চাহ শিল্পৰ ক্ষেত্ৰখন প্ৰত্যাহ্বানমূলক হলেও সুযোগ যথেষ্ট আছে। সেই সুযোগসমুহৰ সন্ধান কৰি প্ৰতিষ্ঠিত সৎ-সফল ব্যৱসায়ী হ’বৰ বাবে নতুন নতুন চিন্তাৰে আগবাঢ়িব লাগিব। এই প্ৰশিক্ষণে এনেবোৰ দিশত আগুৱাই যোৱা ক্ষেত্ৰত পথৰ সন্ধান দিব আৰু তাৰবাবে চিন্তা কৰোতেই নতুন ধৰণেৰে কৰি যাব লাগিব। সৰু সৰু কথা আৰু চিন্তাৰে আগবাঢ়ি গৈ থাকিলেই আমি বহুত দুৰলৈকে যাব পাৰিম আৰু তাৰবাবে লক্ষ্য নিৰ্ধাৰণ কৰি উৎপাদন, প্ৰস্তুত প্ৰণালী আৰু বিপননৰ দিশত সামঞ্জস্য ৰক্ষা কৰি এতিয়াৰে পৰা গোট হিচাপে আগবাঢ়িলে অধিক সফল হ’ব পৰা যাব। শুভাৰম্ভণি অনুষ্ঠানটোত উপস্থিত থাকি অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি বিজ্ঞানগুৰু ড০ জয়ন্ত ডেকাই মানৱ সম্পদৰ প্ৰয়োজনীয়তা পূৰণৰ দিশত চাহ কৃষিকৰ্ম আৰু প্ৰযুক্তিবিদ্যা বিভাগে গ্ৰহণ কৰা ভূমিকাৰ শলাগ লয় আৰু চাহৰ মুল্য সংযোজন ব্যৱস্থাৰে বেলেগ বেলেগ সামগ্ৰী প্ৰস্তুত কৰাৰ দিশত মনোনিবেশ কৰিবলৈকো আহ্বান জনাই। চাহ কৃষিকৰ্ম আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ মুৰব্বী অধ্যাপক মৃদুল ডেকাই আদৰণি ভাষণ আগবঢ়োৱা অনুষ্ঠানটোত বক্তব্য ৰাখি বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক তপন কুমাৰ গোঁহাইয়ে কয় যে জীৱনশৈলী উন্নত কৰিবলৈ হ’লে কঠোৰ পৰিশ্ৰমৰ উপৰিও বুদ্ধিদীপ্ত কামৰ জৰিয়তে সমান্তৰালভাবে আগবাঢ়িব লাগিব। চাহৰ ক্ষেত্ৰত সম্পূৰ্ণ ব্যৱসায়িক মনোবৃত্তিৰে নতুন নতুন চিন্তাৰে আগবাঢ়িব লাগিব। অধ্যাপিকা অদিতি গগৈয়ে আত ধৰা এই অনুষ্ঠানত কৃষি গৱেষণা সঞ্চালক ড০ অশোক ভট্টাচাৰ্য, সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড০ প্ৰসন্ন কুমাৰ পাঠক, উত্তৰ পূৱ কৃষি আৰু জৈৱপ্ৰযুক্তি কেন্দ্ৰৰ সঞ্চালক ড০ বিদ্যুত কুমাৰ শৰ্মা, ছাত্ৰ কল্যাণ সঞ্চালক ড০ ৰাণা প্ৰতাপ ভূঞা, সহযোগী সম্প্ৰসাৰণ শিক্ষা সঞ্চালকদ্বয় ড০ ৰঞ্জিত কুমাৰ সাউদ, ড০ মনোৰঞ্জন নেওগ, চাহ কৃষিকৰ্ম আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ ইন্দ্ৰপ্ৰসাদ চাহেৱালা, অধ্যাপক ড০ গৌতম শইকীয়া, দিগন্ত বৰা, আৰু মনোৰঞ্জন গগৈয়েও অংশ গ্ৰহণ কৰে। উল্লেখ্য যে, এবছৰীয়া প্ৰশিক্ষণত চৰাইদেউ, যোৰহাট, শিৱসাগৰ, গোলাঘাট, ডিব্ৰুগড়, লক্ষীমপুৰ, ওদালগুৰি আৰু শোণিতপুৰ ৮খন জিলাৰ মুঠ ১৮গৰাকী প্ৰশিক্ষাৰ্থীয়ে চাহ আৰু ইয়াৰ লগত জড়িত আনুষংগিক ক্ষেত্ৰত প্ৰশিক্ষণ গ্ৰহণ কৰিব।