এগৰাকী অসমীয়া যুৱতীয় বিয়াত বহিব বলিউদৰ জনপ্ৰিয় কৰিঅ’গ্ৰাফাৰে৷ বাগদত্তাৰ সৈতে আজি আঙুঠি পিন্ধোৱা পৰ্ব অনুষ্ঠিত হয়৷ জনপ্ৰিয় কৰিঅ’গ্ৰাফাৰ তুষাৰ কালিয়াই অসমৰ কন্যা প্ৰেমিকা ত্ৰিবেণী বৰ্মনক আঙুঠি পিন্ধায়। ত্ৰিবেণী অসমীয়া জীয়ৰী লগতে পেছাত এগৰাকী মডেল। ২৮বছৰীয়া ত্ৰিবেণীয়ে ২০১৭ চনত ফেমিনা মিছ ইণ্ডিয়াত খিতাপ অৰ্জন কৰিছিল৷ তুষাৰ কালিয়াই এই বছৰৰ আৰম্ভণিতে ত্ৰিবেণী বৰ্মনৰ সৈতে সম্পৰ্ক গঢ়ি তুলিছিল। এদিন পূৰ্বে ১৫ মে’ত ত্ৰিবেণীৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্ব সম্পন্ন কাৰ বুলি ইনষ্টাগ্ৰামত প্ৰকাশ কৰিছে। ইনষ্টাগ্ৰামত ত্ৰিবেণীৰ সৈতে ফটো শ্বেয়াৰ কৰি এই কথা ঘোষণা কৰে৷