অসম আৰক্ষীৰ প্ৰাক্তন উপ-আৰক্ষী অধীক্ষক ইমৰান খণ্ডকৰৰ মৃত্যু৷ অসম আৰক্ষীৰ প্ৰাক্তন উচ্চপদস্থ বিষয়া ইমৰান খণ্ডকৰে আজি হঠাতে মৃত্যুক আকোৱালি লয়৷ বাইহাটা চাৰিআলিৰ নগাঁও নিবাসী প্ৰাক্তন উপ-আৰক্ষী অধীক্ষক ইমৰান খণ্ডকৰৰ নিজ ঘৰতে মৃত্যু হয়৷ হৃদৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে৷ খণ্ডকৰৰ মৃত্যুত বাইহাটা চাৰিআলিত ব্যাপক শোকৰ ছাঁ পৰে৷