অসম আৰক্ষীৰ প্ৰশিক্ষণৰত উপ-পৰিদৰ্শক মনেশ্বৰ পণ্ডিতৰ মৃত্যু।
ছুইমিং পুলৰ সাঁতোৰৰ প্ৰশিক্ষণৰ সময়তে মৃত্যু মনেশ্বৰ পণ্ডিতৰ।
মেঘালয়ৰ North Eastern Police Academyত উপ-পৰিদৰ্শকৰ প্ৰশিক্ষণত আছিল মনেশ্বৰ পণ্ডিত।
প্ৰশিক্ষণকালিন সময়ছোৱাতে কৰুণ মৃত্যুক আঁকোৱালি লয় মনেশ্বৰ পণ্ডিতে।
উপ-পৰিদৰ্শকৰ ৫০ তম বেছিক কৰ্চৰ প্ৰশিক্ষণত আছিল মনেশ্বৰ পণ্ডিত।
মনেশ্বৰ পণ্ডিতৰ পিতৃও অসম আৰক্ষীত কৰ্মৰত এগৰাকী হাৱিলদাৰ।
সদ্যহতে ওদালগুৰী জিলাত কৰ্মৰত হৈ আছে মনেশ্বৰ পণ্ডিতৰ পিতৃ।
প্ৰশিক্ষণ অন্ত পৰিবলৈ আৰু মাথো কেইটামান সপ্তাহহে বাকী আছিল।
কোকৰাঝাৰ শান্তিনগৰ নিৱাসী মনেশ্বৰ পণ্ডিতৰ ঘৰত এতিয়া মাথো কান্দোনৰ ৰোল।