গুৱাহাটীঃ আজি অনুষ্ঠিত হ’বলগীয়া অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ কাকত ফাদিল হোৱাৰ বাবে পৰীক্ষা স্থগিত কৰাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বামপন্থী ছাত্ৰ সংগঠন এছএফআই আৰু ডিৱাইএফআয়ে৷ দুয়োটা বামপন্থী সংগঠনে দুৰ্নীতি-অনিয়মৰ বিৰুদ্ধে অসম চৰকাৰে লোৱা দুৰ্বল ভূমিকাৰ এয়া পৰিণাম বুলি কয়৷ অসম ৰাজ্যিক ডিৱাইএফআইৰ সম্পাদক নয়ন ভূঞা, এছএফআইৰ সম্পাদক নিৰংকুশ নাথে
এক বিবৃতি যোগে অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ আজি অনুষ্ঠিত লিখিত পৰীক্ষা বাতিল কৰিবলগীয়া ঘটনাত ভাৰতৰ ছাত্ৰ ফেডাৰেছন (এছ এফ আই) আৰু ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক সমিতিয়ে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি অসম চৰকাৰক ধিক্কাৰ জনাইছে আৰু সমস্ত ঘটনাৰ এক উচ্চ পৰ্যায়ৰ তদন্ত কৰি দোষীক উচিত শাস্তি প্ৰদানৰ দাবী জনাইছে।
সংগঠন দুটাই এয়া চৰকাৰৰ দুৰ্নীতি-অনিয়মৰ প্ৰতি গ্ৰহণ কৰা দুৰ্বল ভূমিকাৰ পৰিণাম বুলি অভিহিত কৰিছে। পৰীক্ষা বাতিলৰ ফলত লাখ লাখ শিক্ষিত উপযুক্ত প্ৰাৰ্থীয়ে মন কষ্ট পাই হতাশাত ভূগিছে। দুয়োটা সংগঠনে অভিযোগ কৰি কয় যে সততে নিকা আৰু স্বচ্ছ প্ৰকাশনৰ প্ৰতিশ্ৰুতি দিয়া বিজেপি চৰকাৰখনে পূৰ্ব অনুষ্ঠিত পঞ্চায়ত আৰু গ্ৰামো উন্নয়ন, বন বিভাগকে ধৰি প্ৰায়ভাগ বিভাগৰে অনুষ্ঠিত হোৱা লিখিত পৰীক্ষাৰ অনিয়মত কোনো দৃষ্টান্তমূলক পদক্ষেপ নল’লে, আনকি পৰীক্ষা অনুষ্ঠিত কৰা ব্যক্তিগত এজেন্সিসমূহৰ বিৰুদ্ধেও কোনো পদক্ষেপ নল’লে।
ফলত প্ৰতিটো পৰীক্ষাতে একাংশই দুৰ্নীতি অনিয়মৰে ধন ঘটাৰ লগতে একাংশ অনুপযুক্ত প্ৰাৰ্থীয়ে অসৎ পন্থাৰে চাকৰি লোৱাত সফল হৈছে। এই ক্ষেত্ৰত একাংশ শাসক দলৰ নেতা-পালিনেতাই বিশেষ আগভাগ লৈছে। উপ-পৰিদৰ্শক পদৰ চাকৰিক লৈ ইতিমধ্যে সংবাদ মাধ্যমত কেইবাটাও অ’ডিঅ’ ক্লিপ প্ৰকাশ হৈছিল। ইয়াৰ পাছতো আৰক্ষী বিভাগ তথা পৰীক্ষা অনুষ্ঠিতকাৰী এজেন্সি সচেতন নোহোৱাতো সন্দেহৰ বিষয়। এয়া ব্যক্তিগত এজেন্সিক পৰীক্ষা অনুষ্ঠিত কৰিব দিয়া আৰু অসম চৰকাৰে দুৰ্নীতিৰ ক্ষেত্ৰত লোৱা দুৰ্বল পদক্ষেপৰ ফল।
এছ এফ আই আৰু ডি ৱাই এফ আয়ে দাবী কৰিছে আৰক্ষী উপ-পৰিদৰ্শক পদৰ পৰীক্ষা নিকা আৰু স্বচ্ছভাৱে অনুষ্ঠিত কৰক। চাকৰি প্ৰাৰ্থী যুৱক-যুৱতীক তথা অসমবাসী ৰাইজক নিকা আৰু স্বচ্ছভাৱে পৰীক্ষা অনুষ্ঠিত কৰিব বুলি চৰকাৰে আস্বস্ত কৰাৰ লগতে তদন্ত কৰি দোষীক উচিত শাস্তি প্ৰদান কৰাৰ দাবী জনাইছে।