অসম আন্দোলনৰ সক্ৰিয় কৰ্মী তথা বিশিষ্ট সমাজসেৱক থানেশ্বৰ বৰাই আজি শেষ নিশ্বাস ত্যাগ কৰে৷ নতুন দিল্লীস্থিত ইন্দ্ৰপ্ৰস্থ এপল হস্পিতালত আজি শেষ নিশ্বাস ত্যাগ কৰে। ১৯৪৯ চনত নগাঁৱত জন্ম গ্ৰহণ কৰা বৰাৰ মৃত্যুৰ সময়ত বয়স আছিল ৭৩ বছৰ। ‘আন্দোলন আকৌ আন্দোলন’ এখন উল্লেখযোগ্য গ্ৰন্থ ৰচোতা থানেশ্বৰ বৰা অসম আন্দোলনৰ অন্যতম সংগ্ৰামী আছিল৷ জাতীয়তাবাদী থানেশ্বৰ বৰা সদৌ অসম ছপাশাল স্বত্বাধিকাৰী সংস্থাৰ প্ৰাক্তন সম্পাদক, সদৌ অসম নামঘৰ সমন্বয় সমিতিৰ সম্পাদক, ডিব্ৰুগড় জিলা সাহিত্য সভা আৰু ডিব্ৰুগড় সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক, অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন কাৰ্যনিৰ্বাহক সদস্য পদত কাৰ্যনিৰ্বাহ কৰিছিল৷ ডিব্ৰুগড় জিলা গণসংগ্ৰাম পৰিষদৰ প্ৰাক্তন সম্পাদক, ৰাজহুৱা স্বাৰ্থৰক্ষা মঞ্চৰ সম্পাদক বৰাই প্ৰায় দুটা সপ্তাহ ধৰি যকৃতৰ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল। উন্নত চিকিৎসাৰ বাবে দেওবাৰে ডিব্ৰুগড় পৰা দিল্লীলৈ নিয়া হৈছিল। বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত বৰাৰ মৃত্যুত গভীৰ শোক ছাঁ পৰে। ডিব্ৰুগড় সাহিত্য সভাৰ সভাপতি ড০ শশীকান্ত শইকীয়া, সম্পাদক ৰাতুল বুঢ়াগোহাঁই, ডিএইচএচ কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ শশীকান্ত শইকীকাই শোক প্ৰকাশ আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শোক প্ৰকাশ কৰি পুণ্যাত্মাৰ চিৰশান্তিৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাই শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।