গুৱাহাটীঃ সোমবাৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ শেহতীয়া কোৰোনা পৰিস্থিতিক লৈ জনতা ভৱনত সম্বোধন কৰে এখন সংবাদমেল। এই সংবাদমেলত তেওঁ কয় যে, অসমৰ ৰাইজ অধিক সচেতন হোৱাৰ প্ৰয়োজন আছে।
অসমৰ ৰাইজক কোৰোনাৰ সংক্ৰমণৰ পৰা বচাবৰ বাবে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি কয় স্বাস্থ্যমন্ত্ৰীয়ে। তেওঁ লগতে কয়, বাহিৰৰ পৰা অহা সকলো লোকক যিকোনো পৰিস্থিতিত ১৪ দিনৰ কোৱাৰেন্টাইন হৈ থকাটো বাঞ্চনীয়। তেতিয়াহে অসমৰ ৰাইজ কোৰোনাৰ পৰা মুক্ত হব পাৰিব।
ইতিমধ্যে স্বাস্থ্যবিভাগে ১৬ হাজাৰ গাঁৱত স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰিছে আৰু এজনো ব্যক্তিৰ দেহত কোৰোনা ভাইৰাছৰ লক্ষণ ধৰা পৰা নাই বুলিও তেওঁ কয়।
গতিকে বাহিৰৰ পৰা অহা লোকসকলক অসমত থকা লোকসকলক কোৱাৰেন্টাইন অবিহনে মিক্স হ’বলৈ নিদিলেই অসম বহুগুণে কোৰোনাৰ পৰা ৰক্ষা পৰিব। উল্লেখ্য যে, অসমত বৰ্তমানলৈ কোৰোনাত আক্ৰান্ত হৈছে ১০৬গৰাকী ব্যক্তি। ইয়াৰে ৩গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।