গুৱাহাটীঃ ৰাজ্য চৰকাৰে ক’ৰোনা মহামাৰীৰ বিৰুদ্ধে যুঁজ দি থকাৰ সমানে ৰাজ্যৰ নাগৰিকৰ কল্যাণৰ হকে চিন্তা-চৰ্চা কৰি কেইবাটাও ঘোষণা কৰিছে৷ ৰাজ্য চৰকাৰে ক’ৰোনা অতিমাৰীৰ সময়ত ৰাজ্যৰ নাগৰিকে আৰ্থিক দৈন্যতাত পৰা বিষয়ত দৃষ্টি দি বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে৷ ৰাজ্য চৰকাৰে বিশেষ ভাৱে ৰেচন যোগান ধৰাৰ লগতে দৰিদ্ৰ, মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্ত পৰিয়ালৰ বাবে চিন্তা-চৰ্চা কৰিছে৷ ইয়াৰ মাজতে দেওবাৰে দিছপুৰস্থিত সচিবালয়ত ৰাজ্যৰ বিত্তমন্ত্ৰী ড০ হিমন্ত শৰ্মাই ৰাজ্যৰ নাগৰিকৰ বাবে কেইবাটাও ঘোষণা কৰে।
মন্ত্ৰী হিমন্তই কৰা ঘোষণা অনুসৰি ৰাজ্যৰ চৰকাৰী-বে-চৰকাৰী বিদ্যালয়ে প্ৰথমৰ পৰা দশম শ্ৰেণীলৈ অসমীয়া বাধ্যতামূলক ভাবে পঢ়াব লাগিব। আনকি এই নিৰ্দেশ ৰাজ্যৰ চিবিএছইৰ অধীনৰ বিদ্যালয়ে পালন কৰিব লাগিব৷ কিন্তু ৰাজ্য চৰকাৰৰ এই নিয়ম বৰাক উপত্যকাৰ জিলা কেইখন আৰু বিটিচিৰ জিলা কেইখনত কাৰ্যকৰী নহয়৷ মন্ত্ৰী হিমন্তই জনোৱা মতে, ৰাজ্যপাল জগদীশ মুখীয়ে ইতিমধ্যে এই অধ্যাদেশত অনুমোদন জনাইছে।
ৰাজ্যৰ প্ৰাদেশীকৃত মহাবিদ্যালয়ত নামভৰ্তি ১০০ শতাংশ বিনামূলীয়া হ’ব বুলি ঘোষণা কৰে৷ পূৰ্বে দৰিদ্ৰ সীমা ৰেখাৰ তলৰ পৰিয়ালৰ সন্তানৰ নামভৰ্তি বিনামূলীয়া আছিল যদিও ক’ৰোনা মহামাৰীৰ বাবে ৰাজ্যৰ প্ৰতিটো পৰিয়াল আৰ্থিক ভাৱে জুৰুলা হৈ পৰাত সকলো নামভৰ্তি বিনামূলীয়া কৰে ৰাজ্য চৰকাৰে৷ উচ্চতৰ মাধ্যমিকৰ পৰা স্নাতক পৰ্যায়লৈ বিনামূলীয়া কৰাৰ লগতে চিকিত্সা মহাবিদ্যালয়, অভিযান্ত্ৰিক মহাবিদ্যালয়, কৃষি বিশ্ববিদ্যালয়ত নামভৰ্তি বিনামূলীয়া কৰে ৰাজ্য চৰকাৰে৷
মন্ত্ৰী হিমন্তই কয় যে টেট পৰীক্ষা উত্তীৰ্ণ হ’লেই শিক্ষক হ’ব নোৱাৰিব৷ চৰকাৰে কোনো দিন কোৱা নাই যে, টেট উত্তীৰ্ণ হ’লেই চৰকাৰে চাকৰি প্ৰদান কৰিব। শিক্ষক হোৱাৰ যোগ্যতা অৰ্জন কৰিছে মাত্ৰ। সকলোৱে যে চাকৰি পাব সেইটো কথাও নহয়। যেতিয়া পদ খালী হ’ব বা বিজ্ঞাপন ওলাব, তেওঁলোকে আবেদন কৰিব লাগিব।
ইপিনে, চাকৰিত যোগদানৰ পৰা ১০ বছৰলৈ শিক্ষকৰ আন্তঃজিলা বদলিত নিষেধাজ্ঞা জাৰি কৰে ৰাজ্য চৰকাৰে৷ বিগত দুটা বছৰত হোৱা সকলো শিক্ষকৰ বদলি অবৈধ আছিল বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় মন্ত্ৰী হিমন্তই৷ তেওঁ কয় যে ২ বছৰৰ ভিতৰত আন্তঃজিলালৈ বদলি হোৱা শিক্ষকক ৭২ ঘণ্টাৰ ভিতৰত পূৰ্বৰ বিদ্যালয়লৈ ঘূৰি আহক৷ এই ক্ষেত্ৰত নিৰ্দেশো দিয়া হৈছে৷
হাইস্কুল শিক্ষান্ত পৰীক্ষাত ‘ডিষ্টংচন’ নাইবা ‘ষ্টাৰ’ নম্বৰসহ উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক আনন্দৰাম বৰুৱা বঁটাৰ অধীনত কম্পিউটাৰৰ পৰিবৰ্তে ২০ হাজাৰ টকাকৈ নগদ
ধন প্ৰদান কৰিব চৰকাৰে৷ এই টকা ছাত্ৰৰ বেংক একাউণ্টত জমা দিব চৰকাৰে৷
সৰ্বশিক্ষা অভিযানৰ অধীনত কৰ্মৰত ২৯ হাজাৰ ৭০১ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীক ৬০ বছৰ বয়সলৈকে অন্যান্য সকলো সুবিধাসহ নিয়মীয়া পে-স্কেল প্ৰদানৰ বাবে অসম চৰকাৰে সিদ্ধান্ত লয়৷ সৰ্বশিক্ষা অভিযানৰ অধীনত স্থায়ী দৰমহাত কৰ্মৰত ৰাজ্যৰ ১১ হাজাৰ ২৬০ গৰাকী শিক্ষক-শিক্ষয়িত্ৰী আৰু ঠিকাভিত্তিক ৫ হাজাৰ ২৪৩ গৰাকী হাইস্কুলৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে ৰাজ্য চৰকাৰৰ আন শিক্ষক-শিক্ষয়িত্ৰীৰ দৰেই একে দৰমহা, চাকৰি-কালৰ ছুটীৰ সুবিধা লাভ কৰিব বুলি ঘোষণা কৰে৷
আনহাতে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে চৰকাৰক উভতি ধৰিছে৷ ৰাজ্যৰ চৰকাৰী-বে-চৰকাৰী বিদ্যালয়ে প্ৰথমৰ পৰা দশম শ্ৰেণীলৈ অসমীয়া বাধ্যতামূলক ভাবে পঢ়াব লাগিব কোৱাৰ লগতে চিবিএছইৰ অধীনৰ বিদ্যালয়ো এই নিৰ্দেশ পালন কৰিব লাগিব বুলি কয়। এই কথা কোৱাৰ পিছতে আছুৰ সম্পাদকগৰাকীয়ে উভতি ধৰিছে চৰকাৰক৷ কিয়নো ৰাজ্য চৰকাৰৰ এই নিয়ম বৰাক উপত্যকাৰ জিলা কেইখন আৰু বিটিচিৰ জিলা কেইখনত কাৰ্যকৰী নহয়৷ গগৈয়ে কয় যে ৰাজ্য চৰকাৰৰ সিদ্ধান্তক আমি আদৰণি জনাইছো৷ কিন্তু একেটা সময়তে বৰাক আৰু বিটিচিত অসমীয়া ভাষা বাধ্যতামূলক নকৰি ৰাজ্যিক ভাষা আইন ৰূপায়ন নকৰা বিষটো ৰহস্য দেখা পাইছো৷ সমগ্ৰ অসমতে অসমীয়া বিষয়টো বাধ্যতামূলক হ’ব লাগিব৷ কেন্দ্ৰীয় বিদ্যালয় অথবা চিবিএছিচিৰ অধিনৰ সকলো বিদ্যালয়তে অসমীয়া বিষয় বাধ্যতামূলক কৰিবলৈ চৰকাৰে সাহস দেখুওৱাক৷ আমি চৰকাৰক প্ৰত্যাহ্বান জনাইছো অসমৰ সকলো বেচৰকাৰী বিদ্যালয়ত অসমীয়া বিষয় সন্নিবিষ্ট কৰি পৰীক্ষা অনুষ্ঠিত কৰাটো বাধ্যতামূলক কৰক৷ আছুৰ সম্পাদকগৰাকীয়ে কয় চৰকাৰে নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কেতবোৰ চমকেৰে অসমীয়া মানুহৰ আবেগক ব্যৱহাৰ কৰিব খুজিছে৷