নাজিৰাঃ অসম নাগালেণ্ডৰ মাজত হৈ থকা সীমা সমস্যা বহু পুৰণি। বৰ্তমান অসমতে নিৰাপত্তা নাইকিয়া হৈছে অসমীয়াৰ৷ আগ্ৰাসী মনোভাৱেৰে পৰিপুষ্ট হৈ থকা নগাই লকডাউনৰ সুবিধা গ্ৰহণ কৰি গেলেকীৰ শিঙিবিলৰ পথত স্থাপন কৰিলে গেত আৰু কাষতে নিৰ্মাণ কৰিল ঘৰ৷ সীমান্তত এটিয়া ৰণ ডংকাৰ প্ৰস্তুতি চলাই নগাই অসমীয়া লোকৰ বাগিচাত তাণ্ডৱ লীলা চলাই কাতি তহিলং কৰিলে বহু চাহ গছ৷ বাগিচাৰ পৰা খেদি পঠিয়ালে শ্ৰমিকক ৷
অসম আৰক্ষীৰ সন্মুখতে অসমৰ মাটি নিজৰ বুলি দাবী কৰি নগাই হুংকাৰ প্ৰদান কৰা ঘটনাই এই গেলেকী অঞ্চলত চাঞ্চল্যকৰ পৰিৱেশৰ সৃষ্টি কৰিছে৷ অসম আৰক্ষী শিঙিবিল বি অ পিৰ কাষতেই এই ঘটনা সংঘটিত হয়, যদিও নাজিৰাৰ মহকুমাধিপতি’ শিৱসাগৰৰ উপ আৰক্ষী অধীক্ষক’ সীমান্ত দণ্ডাধীশ’ মহকুমা আৰক্ষী বিষয়াৰ উপস্থিতিত পথৰ পৰা গেট উঠাই দিয়া হয় কিন্তু নগাই নিৰ্মাণ কৰা ঘৰ ভাঙিবলৈ সাহস কৰিব নোৱাৰিলে প্ৰশাসনে৷
এই পৰিস্থিতিৰ বুজ লবৰ বাবে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া অসম নাগালেণ্ডৰ সীমান্ত শিঙিবিলত উপস্থিত হয়। গেলেকী অঞ্চলত যিহেতু কেইবাটাও সীমাসুৰক্ষাৰ বাবে OUTPOST আছে, শিঙিবিল, মুগাপাৰা, সোণাপুৰ অঞ্চলত অসম আৰক্ষীয়ে ৰাইজৰ নিৰাপত্তাৰ বাবে তহল দিয়াৰ ব্যৱস্থা আছে। কিন্তু জুন মাহৰ পৰা অসমৰ ভূমিত নাগালেণ্ড আৰক্ষীয়ে নাগালেণ্ড চৰকাৰৰ সহযোগত নিয়মীয়াকৈ তহল দিব ধৰিছে যাৰ ফলত সীমান্তৱৰ্তী অঞ্চলৰ অসমৰ ৰাইজে এক আতংকময় পৰিৱেশৰ মাজেৰে জীৱন-যাপন কৰিব লগীয়া হৈছে।
‘এইটো অতি গুৰুত্বপূৰ্ণ বিষয়। ইয়াৰ ওপৰত তৎকালেই সমস্যা সমাধানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু নগা চৰকাৰক বাধ্য কৰাব লাগে, যাতে তেওঁলোক যিদৰে নিজৰ ঠাইত তহল দি আছিল তাতেই থাকিব লাগে। অসমৰ ভূমিত আহি হস্তক্ষেপ কৰিব নালাগে আৰু এনে কৰাটো অসমৰ ৰাইজ আৰু চৰকাৰৰ প্ৰতি কৰা এক অপমান।’-এইদৰে কয় বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই।
লগতে তেওঁ কয় যে নগাই অসমৰ সীমান্তৱৰ্তী অঞ্চলসমূহৰ লোকসকলৰ বাগান ধ্বংস কৰি দিয়াৰ ফলত তেওঁ লোকৰ নিয়মীয়া উপাৰ্জন বন্ধ হৈ গৈছে। ১৯৭৮ চনতেই অসমত জনতা দলৰ চৰকাৰ থকা সময়ত অসম নাগালেণ্ডৰ সীমা হিচাপে চিহ্নিত কৰি নিৰ্মাণ কৰা পাইনীয়া পথটো পাৰ হৈ আহি নগাই সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে। ভয়-ভাবুকিৰ মাজেৰে এই সীমান্তৱৰ্তী অঞ্চলৰ লোকসকলে জীৱন নিৰ্বাহ কৰিব লগা হৈছে। এনে পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক নাগালেণ্ড চৰকাৰৰ সৈতে আলোচনাত মিলিত হৈ বিষয়টোৰ ওপৰত গুৰুত্ব প্ৰদান কৰি সমস্যা সমাধান কৰিবলৈ আহ্বান জনাই বিৰোধী দলপতিগৰাকীয়ে।