নাজিৰাঃ অসমত নগাৰ আগ্ৰাসন এক বহু দিনীয়া সমস্যাৰূপে দেখা দি আহিছে । বাৰম্বাৰ নগাই নাগালেণ্ড চৰকাৰৰ পৃষ্ঠপোষকতাত অসমৰ সীমান্তবৰ্তী অঞ্চলত উপদ্ৰৱ চলাই আতংক সৃষ্টি কৰি আহিছে , যোৱা ৩ জুলাই তাৰিখে নগা প্ৰশাসন আৰু নগা দুৰ্বৃত্তই অসমৰ ১১ জন কৈ শিল ব্যৱসায়ী কোনো কাৰণ নোহোৱাকৈ আটক কৰি মাৰপিট চলায় তেওঁ লোকক নগাৰ আৰক্ষী থানাত এদিন ধৰি বন্দি কৰি থয়।
ইয়াৰ পিছতে অঞ্চলটোত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয় । যিহেতু অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলসমূহত সকলো সময়তেই নগাই অসমীয়াৰ ওপৰত অত্যাচাৰ চলাই আহিছে আৰু এই বিষয়ে বাতৰি কাকতেই হওক , ইলেক্ট্ৰনিক মেডিয়াই হওক সকলোতে এই ঘটনাসমূহ সবিস্তাৰে প্ৰকাশ পাই আহিছে । ১১ জনকৈ অসমৰ ব্যৱসায়ীক নাগালেণ্ড প্ৰশাসনে ধৰি লৈ যোৱা কাৰ্য্যত ক্ষোভিত হৈ বিহুবৰৰ ঔগুৰিজানৰ স্থানীয় ৰাইজে অৰ্থনৈতিক পথ অৱৰোধ কৰি ৰাখে ।
শিল ব্যৱসায়িকেইজনক ধৰি নিয়াৰ লগতে অসমলৈ স্বাগতম বুলি লিখি থোৱা ফলক খনকো নাগালেণ্ড প্ৰসাশনে ভাঙি পেলোৱা পৰিলক্ষিত হয় । এই সমস্যাই সমগ্ৰ অঞ্চলটোতে চেপা উত্তেজনা বিৰাজ কৰিছে । সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি আজি ঔগুৰিজান অঞ্চলত নাজিৰা মহকুমাৰ মহকুমাধিপতিৰ সম্প্ৰীতি গোস্বামী উপস্হিত হয় আৰু নাগালেণ্ডৰ প্ৰশাসনৰ হৈতে আলোচনাত মিলিত হয়।
ইয়াৰ সমান্তৰালভাৱে আজি এই সমস্যাৰ বিষয়ে সবিশেষ বুজিবৰ বাবে সীমান্তবৰ্তী অঞ্চলত বীৰ লাচিত সেনা অসমৰ সাংগঠনিক সচিব শৃংখল চলিহা উপস্হিত হয় আৰু বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সচিব প্ৰনৱজ্যোতি সন্দিকৈ উপস্থিত হৈ ঘটনা সন্দৰ্ভত স্হানীয় ৰাইজৰ সৈতে আলোচনাত মিলিত হয় আৰু এই সমস্যা অতিশীঘ্ৰে সমাধান কৰাৰ ওপৰত চৰকাৰে মনোনিৱেশ কৰিব লাগে নহলে গণতান্ত্ৰিক ভাৱে আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হম বুলি ভাষ্য প্ৰদান কৰে।