গুৱাহাটীঃ অসমত শেহতীয়াকৈ এটাৰ পিছত এটাকৈ আঞ্চলিক দল গঠন হোৱাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই। একাধিক আঞ্চলিক দল গঠন কৰিলে অসম ৰাজনৈতিকভাৱে দুৰ্বল হৈ পৰিব বুলিও মন্তব্য কৰে বৰুৱাই। সংবাদ মাধ্যমৰ আগত বৰুৱাই কয় যে বৰ্তমান যি আঞ্চলিক দল গঠনৰ ধুম উঠিছে তাৰ দ্বাৰা অসমত জাতীয়তাবাদ প্ৰতিষ্ঠা কৰাতো সম্ভৱ নহয়।
সেয়ে বৰুৱাই অজিত কুমাৰ ভূঞা, অৰূপ বৰবৰা, আছু, এজেৱাইচিপি আৰু কৃষক মুক্তিকে ধৰি সুকীয়া সুকীয়াকৈ আঞ্চলিক দল গঠন কৰা প্ৰতিজন জাতীয়তাবাদী ভাৱধাৰাৰে পৰিপুষ্ট ৰাজনৈতিক নেতা তথা সংগঠনক একত্ৰিত হ’বলৈ আহ্বান জনায়। বৰুৱাই কয় যে অসম আৰু অসমীয়া জাতিক মনে-প্ৰাণে ভালপোৱা সকলোৱে একত্ৰিত হ’লেহে ঔপনিৱেশকতাবাদী ভাৱধাৰাৰ দিল্লীৰ শাসকসকলে সমীহ কৰিব।
উল্লেখ্য যে, ২০২১ৰ নিৰ্বাচনলৈ যিমানেই দিন চমু চাপি আহিছে জাতীয়তাবাদী ভাৱধাৰাৰ লোকসকলৰ মাজত সিমানেই বিভাজন স্পষ্ট হৈ উঠিছে। এনে বিভাজনে অসম আৰু অসমীয়া জাতিৰ ক্ষতি কৰিব বুলিও সংবাদ মাধ্যমক জনায় পৰেশ বৰুৱাই। বৰ্তমানৰ আঞ্চলকিতাবাদী ৰাজনীতিয়ে অসমত জাতীয়তাবাদক শক্তিশালী কৰিব নোৱাৰে বুলিও মন্তব্য কৰে আলফা স্বাধীনৰ হৰ্তা-কৰ্তাগৰাকীয়ে