বিহালীঃ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে ৰাজ্যৰ বানবিধ্বস্ত লোকৰ বাবে ঘোষণা কৰা সাহায্য সন্দৰ্ভত আজি সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে চিপিআইএমএল দলৰ কেন্দ্ৰীয় সদস্য বিবেক দাসে। দাসে কয় অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত শেহতীয়াকৈ বানপানীয়ে যি ধ্বংসলীলা চলালে তাৰ বাবে সম্পূৰ্ণৰূপে দায়ী নদীবান্ধ প্ৰকল্পসমূহ। মুখ্যমন্ত্ৰীয়ে বানপীড়িতসকলৰ বাবে ঘোষণা কৰা আঁচনিসমূহ ক্ষয়-ক্ষতি অনুযায়ী কোনো কাৰণতে পৰ্যাপ্ত নহয় বুলি দাবী কৰে। বানপানীত সাধাৰণ ৰাইজে ঘৰ-দুৱাৰ, খেতি-বাতি, পশুধন, সম্পত্তি আদি হেৰুৱাই সৰ্বস্বান্ত হৈ বানশিবিৰত আশ্ৰয় লৈ আছে। চৰকাৰে বান বিধ্বস্ত লোকসকলৰ বাবে ১৫ আগষ্টৰ পিছত যি ক্ষতিপূৰণ প্ৰদান কৰাৰ কথা কৈছে তাৰ পৰিৱৰ্তে দাসে তৎকালীনভাৱে ৫ বান টিঙসহ ৫০ হাজাৰ টকা প্ৰদান কৰি পুনৰ সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে। লগতে দীৰ্ঘম্যাদী পৰিকল্পনা হিচাপে নিপকো আৰু ভাৰত চৰকাৰৰ তৰফৰ পৰা ন্যূনতম ১০ লাখ টকা প্ৰদান কৰিবলৈ দাবী জনায়। ইফালে, দাসে মুখ্যমন্ত্ৰীক কটাক্ষ কৰি কয় যে মুখ্যমন্ত্ৰীয়ে ১৫ আগষ্টৰ পিছত বানপীড়িত লোকসকলক লৈ কৰা ঘোষণাটো যাতে কোভিড পৰিস্থিতিৰ সময়ত কৰা ৫ খন নতুন হাস্পতাল নিৰ্মাণৰ দৰে যাতে অসাৰ প্ৰতিপন্ন নহয়।