May 25, 2022, 1:33 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি গোৱৰ্ধনা আৰক্ষী থানা এলেকাত অঘটনঃ মেচিনত সোমাই ২২ বছৰীয়া শ্ৰমিকৰ মৃত্যু শ্ৰীনগৰত আৰক্ষী জোৱান মালিক চাহিব সৌৰা আনচাৰক গুলীয়াই হত্যা, ৭ বছৰীয়া কন্যা আহত উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপত অচিনাক্ত মৃতদেহ উদ্ধাৰ কামপুৰত পুনৰ বানত উটি গৈ শিশুৰ মৃত্যু তামিলনাডুত বিজেপি নেতাক গুলীয়াই হত্যা মৃত্যু আহে সংগোপনে, মঙলবাৰৰ পুৱাৰ দৌৰেই হৈ পৰিল শেষবাৰৰ দৌৰ… কোকৰাঝাৰত পুনৰাই নাৱালিকাক ধৰ্ষণঃ তিনি পাষণ্ড আফুৰউদ্দিন, মুস্তাফা, ছামেজউদ্দিন গ্ৰেপ্তাৰ বৰক্ষেত্ৰীৰ চৰাঞ্চল পৰিদৰ্শন কংগ্ৰেছী বিধায়ক দিগন্ত বৰ্মন ৰেকিবুদ্দিন আহমেদ, বসন্ত দাসৰ বিৰোধী একত্ৰিত হ’লে দখল কৰিব পাৰিব ৰাষ্ট্ৰপতিৰ আসনঃ নাড্ডাৰ ঘৰত বিজেপিৰ গুৰুত্বপূৰ্ণ বৈঠক অসম আন্দোলনৰ সক্ৰিয় কৰ্মী-সমাজসেৱক থানেশ্বৰ বৰাৰ মৃত্যু, মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ

অসমীয়াৰ পৰা ইংৰাজী মাধ্যমলৈ পৰিবৰ্তন হোৱাত ফলাফল শূন্য, বন্ধৰ তালিকাত কয়লামাটি আৰলং ৰূপাত হাইস্কুল

Reporter Name
  • Update Time : Thursday, June 11, 2020
  • 111 Time View

বোকাজানঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাত এজনো উত্তীৰ্ণ হ’ব নোৱাৰা ৰাজ্যৰ ১৭ খন চৰকাৰী বিদ্যালয় বন্ধ কৰি দিয়াৰ কথা ঘোষণা কৰিছে ৰাজ্যৰ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হাইস্কুল শিক্ষান্ত পৰীক্ষাত এগৰাকীও পৰীক্ষাৰ্থী উত্তীৰ্ণ নোহোৱা তালিকা ইতিমধ্যে প্ৰকাশ পাইছে। এই তালিকাত আছে পাহাৰীয়া জিলা কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ অন্তৰ্গত কয়লামাটি আৰলং ৰূপাত হাইস্কুলৰ নামো।

২০১৯-২০২০ বৰ্ষত এই বিদ্যালয়ৰ পৰা মুঠ ১৬গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল যদিও এজনো পৰীক্ষাৰ্থী উত্তীৰ্ণ হ’বলৈ সক্ষম হোৱা নাই। তাৰ বিপৰীতে ২০১৩ চনত এই বিদ্যালয়খনৰ পৰা ৩১গৰাকী পৰীক্ষাৰ্থী হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ ৩১জনেই উত্তীৰ্ণ হৈছিল। অৰ্থাৎ ১০০% উত্তীৰ্ণ হোৱাৰ বাবে বিশেষ ভাবে পুৰস্কৃত কৰা হৈছিল।

বিদ্যালয়খনৰ প্ৰধান শিক্ষকে জানিবলৈ দিয়া মতে, বিদ্যালয়খনৰ শিক্ষকসকলৰ বাবে কোনো চৰকাৰী আৱাসৰ সুবিধা নথকাৰ বাবে নিয়মীয়াকৈ উপস্থিত থাকিব নোৱাৰে। আনহাতে NRC আৰু বিভিন্ন চৰকাৰী কামত নিয়োজিত কৰাৰ উপৰিও পৰ্যাপ্ত শিক্ষক নথকাৰ বাবে পাঠদান বাধাগ্ৰস্ত হৈছিল। বিদ্যালয়খনত সৰ্বমুঠ ২০৯ গৰাকী শিক্ষাৰ্থীয়ে বৰ্তমানলৈকে শিক্ষা গ্ৰহণ কৰি আছে।

কোনো কাৰণত বিদ্যালয়খন বন্ধ কৰি দিয়া হয় তেন্তে বিকল্প শিক্ষনুষ্ঠানৰ বাবে এই সকল ছাত্ৰ-ছাত্ৰী ১২ ৰ পৰা ১৬ কিলোমিটাৰ পৰ্যন্ত হাবি-জংঘল পাৰ কৰি শিক্ষাগ্ৰহণ কৰিবলৈ যাব লাগিব। উল্লেখ্য যে, ১৯৮৭ চনত স্থাপিত ৩৩ বছৰত ভৰি দিয়া এই বিদ্যালয়খন বন্ধ কৰিলে শিক্ষাৰ্থীৰ ভৱিষ্যত অন্ধকাৰ হোৱাতো নিশ্চিত বুলি ক’ব খোজে স্থানীয় ৰাইজে। ২০১৫ চনত এই বিদ্যালয়খন অসমীয়াৰ পৰা ইংৰাজী মাধ্যমলৈ স্থানান্তিৰত হোৱাৰ বাবেও ছাত্ৰ-ছাত্ৰীসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আহিছে।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে