গুৱাহাটীঃ অসমত বিগত ২৪ ঘণ্টাত ১৯৮০গৰাকী লোক কোভিডত আক্ৰান্ত হৈছে৷ যোৱা ২৪ ঘণ্টাত ৰাজ্যৰ স্বাস্থ্য বিভাগে ৩৪হাজাৰ ১৫২টা পৰীক্ষা সম্পাদন কৰাত ১৯৮০গৰাকী লোক কোভিডত আক্ৰান্ত পোৱা গৈছে৷
ইয়াৰে ভিতৰত ৪৫৩গৰাকী ৰোগী কামৰূপ মহানগৰৰ, ২৩৯গৰাকী নগাঁৱৰ, ১৩৪গৰাকী যোৰহাটৰ, ১০৭গৰাকী কাছাৰৰ ৰোগী আছে৷ অসমত বৰ্তমানলৈ কোভিডত আক্ৰান্ত লোকৰ সংখ্যা ১ লাখ ৫ হাজাৰলৈ বৃদ্ধি হৈছে৷
সম্প্ৰতি ২২৯৬৫গৰাকী ৰোগী চিকিৎসাধীন হৈ থকাৰ লগতে ৮২৫১০গৰাকী ৰোগী সুস্থ হৈছে৷ ২৯৬গৰাকী ৰোগীৰ এই পৰ্যন্ত মৃত্যু হৈছে৷