গুৱাহাটীঃ ৰাজ্যৰ কেইবাখনো জিলাত পুনৰ ৩৪গৰাকী লোকৰ দেহত ধৰা পৰিছে ক’ৰোনা পজিটিভ৷ বৃহস্পতিবাৰে দিনৰ ১ বজাত ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এটা টুইট কৰি এই কথা ৰাজহুৱা কৰিছে৷
বৃহস্পতিবাৰে ১ বজা পৰ্যন্ত অসমৰ মুঠ ৰোগীৰ সংখ্যা হৈছে ৩৩১৯গৰাকী৷ মন্ত্ৰী হিমন্তই জনোৱা মতে, নতুনকৈ ধৰা পৰা ৰোগী সকলৰ ভিতৰত ১৫গৰাকী নগাঁৱৰ, ৬গৰাকী গোলাঘাটৰ, ৩গৰাকী বৰপেটাৰ, ৩গৰাকী বাক্সাৰ, ৩গৰাকী শোণিতপুৰৰ, এগৰাকী এগৰাকী চিৰাং, কাৰ্বি আংলং, ডিব্ৰুগড় আৰু লখিমপুৰৰ৷
আনহাতে অসমত বৰ্তমানলৈ কোৱিড-১৯ত আক্ৰান্ত ২০৬১গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে৷ ১২৪৯গৰাকী ৰোগী সুস্থ হৈ চিকিৎসালয় এৰিছে৷ ক’ৰোনাত আক্ৰান্ত ৬গৰাকী লোকৰ মৃত্যু হৈছে৷