গুৱাহাটীঃ প্ৰতীক্ষাৰ অন্ত পৰিব! কোৰোনা স্থিতিৰ পৰিপ্ৰেক্ষিতত বিগত প্ৰায় ৫ মাহ কাল বন্ধ হৈ থকা ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ খোলাৰ যো-জা চলাইছে চৰকাৰে। কোভিড স্থিতি শাম নাকাটিলেও ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি অহা ১৫ ছেপ্তেম্বৰৰ পৰা কোভিড নিয়মাৱলী পালন কৰি ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ খোলাৰ প্ৰস্তুতি চলাইছে ৰাজ্য চৰকাৰে। বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকল যাতে আশ্বস্ত হ’ব পাৰে, তাৰ বাবে ইতিমধ্যেই ৰাজ্যৰ সকলো পৰ্যায়ৰ শিক্ষকৰ কোভিড টেষ্ট কৰাই থকা হৈছে।
ৰাজ্য চৰকাৰৰ এক সূত্ৰই সদৰী কৰা মতে, ১ ছেপ্তেম্বৰৰ পৰা ১৫ ছেপ্তেম্বৰলৈ বিদ্যালয়সমূহ চেনিটাইজ কৰা হ’ব আৰু তাৰ পিছতে বিদ্যালয়সমূহ খোলা হ’ব। বিদ্যালয়ত সামাজিক দূৰত্ব বৰ্তাই পাঠদান কৰা হ’ব আৰু শিক্ষক তথা শিক্ষাৰ্থীয়ে পাঠদানৰ সময়ত মাস্ক পৰিধান কৰাটোও বাধ্যতামূলক কৰা হ’ব বুলি জানিব পৰা গৈছে।
ইফালে ৰাজ্যত ক্ৰমাগতভাৱে বৃদ্ধি পোৱা কোভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি পুনৰ লকডাউন জাৰি কৰাৰ বিষয়ে চলা চৰ্চা সন্দৰ্ভত ৰাজ্য চৰকাৰৰ এক সূত্ৰই কয় যে লকডাইন জাৰি কৰাৰ বিষয়ে ৰাজ্য চৰকাৰে কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই। বৰং শনিবাৰৰ দিনটোতো যাতে চৰকাৰী কাৰ্যালয়সমূহলৈ কৰ্মচাৰী আৰু বিষয়-ববীয়াসকল আহিব পাৰে, তাৰ বাবেহে নতুন পৰিকল্পনা হাতত লোৱা বুলি জানিব পৰা গৈছে।