গুৱাহাটীঃ যোৱা ২৪ ঘণ্টাত ৰাজ্যৰ স্বাস্থ্য বিভাগে ২৩হাজাৰ ৪০গৰাকী লোকৰ নমুনা সংগ্ৰহ কৰি ক’ৰোনা ভাইৰাছৰ পৰীক্ষণ কৰিছে৷ ইয়াৰে ১৫৬০গৰাকী লোক কোভিডত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে৷ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে নিশা টুইট কৰি জাৰি কৰা তথ্য মতে, শনিবাৰৰ দিনটোত অসমত আক্ৰান্তৰ হাৰ ৬.৭৭শতাংশ৷
শনিবাৰে আক্ৰান্তসকলৰ ভিতৰত ৩৫২গৰাকী ৰোগী কামৰূপ মহানগৰৰ, ১৩৭গৰাকী যোৰহাটৰ আৰু ১০৪গৰাকী কামৰূপৰ৷ আনহাতে বিগত ২৪ ঘণ্টাত ৰাজ্যৰ ৭গৰাকী ক’ৰোনাত আক্ৰান্ত লোকৰ মৃত্যু হৈছে৷ ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন ২০৪৫গৰাকী কোভিড ৰোগীয়ে সুস্থ হৈ শনিবাৰে নিজ গৃহলৈ গৈছে৷
টুইট কৰি স্বাস্থ্যমন্ত্ৰী শৰ্মাই কয় যে যথেষ্ট সংখ্যক লোকে আৰোগ্য হৈ ঘৰলৈ যাবলৈ অনুমতি লাভ কৰাত আনন্দিত হৈছো৷ আৰোগ্য হোৱাসকললৈ শুভেচ্ছা জনালো৷ অসমত এই পৰ্যন্ত কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা হৈছে ৮৯৪৬৮ জন৷ সম্প্ৰতি ২৩৬৩৫গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে৷ ৬৫৫৯৬গৰাকী লোক সুস্থ হৈছে আৰু ২৩৪গৰাকী লোকৰ এই পৰ্যন্ত মৃত্যু হৈছে৷