গুৱাহাটীঃ অসমত দ্ৰুত গতিত বৃদ্ধি হৈছে ক’ৰোনা আক্ৰান্ত ৰোগী৷ লক-ডাউন শিথিল কৰাৰ পিছৰে পৰা বহিঃৰাজ্যৰ লোক অসমত প্ৰৱেশ কৰাত ক’ৰোনা আক্ৰান্ত ৰোগী প্ৰতিদিনে বৃদ্ধি হৈছে৷
তাৰ মাজতে সোমবাৰে ৰাজ্যৰ কেইবাখনো জিলাত পুনৰ ৪০গৰাকী লোকৰ দেহত ধৰা পৰিছে ক’ৰোনা পজিটিভ৷ সোমবাৰে দিনৰ ভাগত ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এটা টুইট কৰি এই কথা ৰাজহুৱা কৰিছে৷
সোমবাৰে দিনৰ ১২ বাজি ৩০ মিনিট পৰ্যন্ত অসমৰ মুঠ ৰোগীৰ সংখ্যা হৈছে ৪১৫৮গৰাকী৷ মন্ত্ৰী হিমন্তই জনোৱা মতে, নতুনকৈ ধৰা পৰা ৰোগীসকল হৈছে যোৰহাট জিলাৰ ৩১গৰাকী, ধেমাজি জিলাৰ ৩গৰাকী, বিশ্বনাথ জিলাৰ ২গৰাকী, ধুবুৰী জিলাৰ ২গৰাকী আৰু লখিমপুৰ আৰু ডিব্ৰুগড় জিলাৰ এগৰাকী এগৰাকী৷
আনহাতে অসমত বৰ্তমানলৈ কোৱিড-১৯ত আক্ৰান্ত ২১৮৭গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে৷ ১৯৬০গৰাকী ৰোগী সুস্থ হৈ চিকিৎসালয় এৰিছে৷ ক’ৰোনাত আক্ৰান্ত ৮গৰাকী লোকৰ মৃত্যু হৈছে৷