গুৱাহাটীঃ নতুন বিকল্প ৰাজনৈতিক দল গঠন আৰু আগন্তুক নিৰ্বাচনত দিছপুৰ দখলৰ কথা চৰ্চা চলি থকাৰ মাজতে এটা ৰাজনৈতিক দলে গোপনে নিজৰ ভেটি শক্তিশালী কৰিবলৈ প্ৰচেষ্টা চলাই গৈছে৷ কেন্দ্ৰীয় শাসিত দিল্লী ৰাজ্যৰ শাসক দল আম আদমি পাৰ্টীয়ে আগন্তুক অসম বিধানসভা নিৰ্বাচনত ‘ঝাড়ু’ চলাবলৈ গোপনে কুচ-কাৱাজ চলাই গৈছে৷
ৰাজ্যৰ বিভিন্ন প্ৰান্তত আপে সভা-সমিতি, যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰি দলৰ ভেটি মজবুত কৰা পৰিলক্ষিত হৈছে৷ তাৰ মাজতে আম আদমি পাৰ্টীয়ে শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদমেল অনুষ্ঠিত ২০২১ৰ নিৰ্বাচনত প্ৰৰ্থী থিয় কৰাৰ ঘোষণা কৰে৷ আম আদমী পাৰ্টীৰ ৰাজ্যিক সমন্বয়ক ডা০ ভৱেন চৌধুৰীয়ে সংবাদমেল অনুষ্ঠিত কৰি কয় যে ২০২১ত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যৰ বিধানসভা নিৰ্বাচনত আম আদমী পাৰ্টিয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। নিৰ্বাচনত অকলেই প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ঘোষণা কৰি আম আদমী পাৰ্টিয়ে দুৰ্নীতি নিবাৰণ, নিবনুৱা সমস্যা দূৰ কৰা, বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা আদি বিষয় লৈ ৰাইজৰ ওচৰলৈ যাব বুলি কয়৷
আম আদমি পাৰ্টীৰ ৰাষ্ট্ৰীয় পৰ্যবেক্ষকে ৰাজেশ শৰ্মা, ৰাজ্যিক সমন্বয়ক ভবেন চৌধুৰীসহ এটা দলে যোৱা ২ ছেপ্টেম্বৰৰ পৰা ১৬ ছেপ্টেম্বৰলৈ সমগ্ৰ অসম ভ্ৰমণ কৰি আপৰ কৰ্মকৰ্তা-সকলক লগ ধৰি সাংগঠনিক কাম-কাজৰ পৰ্যালোচনা কৰাৰ লগতে ভ্ৰমণ কালত আপৰ কৰ্মকৰ্তাৰ লগতে সাধাৰণ জনতা অভূতপূৰ্ব সহাৰি লাভ কৰাত দলটোৱে ২০২১ৰ বিধানসভা নিৰ্বাচনত অংশগ্ৰহণ কৰিব বুলি ঘোষণা কৰি আপৰ নিৰ্বাচন ইছ্যুবোৰৰ ভিতৰত দুৰ্নীতি নিৰ্মূলকৰণ, শিক্ষা আৰু স্বাস্থ্যসেৱাৰ আমুল পৰিৱৰ্তন, নিবনুৱা সমস্যা, বান-খহনীয়া, ইত্যাদিবুলি কয়৷
আনহাতে দিল্লী চৰকাৰৰ তুলনা কৰি দিল্লী চৰকাৰে শিক্ষা, স্বাস্থ্য সেৱা বিনামূলীয়া কৰাৰ পিছতো ৰাহি বাজেট দাখিল কৰিবলৈ সক্ষম হৈছে কিন্তু নিবনুৱা সমস্যা সমাধানৰ বাবে অসম চৰকাৰৰ কোনো পৰিকল্পনা নাই, বুলি কৈ বান-খহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ আপে দাবী জনাব বুলি স্পষ্ট কৰে। ভৱিষ্যতে কেন্দ্ৰত একে চৰকাৰ হ’লে, অসমৰ বান-খহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব বুলিও কয়৷
আগন্তুক ২০২১ৰ নিৰ্বাচনত কিমানটা আৰু কোন কোন কেইটা সমষ্টিত আপে প্ৰতিদ্বন্দ্বিতা কৰিব সেই কথা উল্লেখ কৰা নাই দলটোৱে। সংবাদমেলখনৰ মাজতে অসম গৃহৰক্ষী সন্থাৰ কেইবাগৰাকী সদস্যই দলটোত আনুষ্ঠানিক ভাৱে যোগদান কৰে। উল্লেখযোগ্য যে, অসমত প্ৰায় ২৭ হাজাৰ গৃহৰক্ষী জোৱান আছে আৰু এই গৃহৰক্ষী জোৱানসকলে পৰৱৰ্তী সময়ত দলটোক সহযোগিতা আগবঢ়াই যাব বুলিও জানিবলৈ দিয়ে। আম আদমী পাৰ্টীৰ নেতা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰীৱালে শীঘ্ৰে অসমলৈ আহি নিৰ্বাচনী প্ৰচাৰ চলাব বুলিও ডা০ ভৱেন চৌধুৰীয়ে কয়৷