শিলচৰঃ ৰাজ্যত কটৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৭ জনলৈ বৃদ্ধি পালে। শুকুৰবাৰে শিলচৰ মেডিকেল কলেজত চিকিৎসাধীন হৈ থকা অৱস্থাত মৃত্যু হয় ৰাণী দাস নামৰ মহিলাগৰাকীৰ।
তেওঁৰ ঘৰ হাইলাকান্দি জিলাত। দিল্লীৰ পৰা আহি ক’ৰোনা ভাইৰাছত আক্ৰান্ত হৈছিল মহিলাগৰাকী। মৃত মহিলাগৰাকীৰ বয়স ৫৭ বছৰ। তেওঁ কৰ্কট ৰোগতো আক্ৰান্ত হৈ আছিল বুলি জানিব পৰা গৈছে।