গুৱাহাটীঃ ৰাজ্যত প্ৰতিদিনে বৃদ্ধি হৈছে ক’ৰোনা আক্ৰান্ত ৰোগীৰ সংখ্যা। ৰাজ্যত বহিঃৰাজ্যৰ পৰা অহা লোকৰ লগতে ভ্ৰমণ তথ্য নথকা লোকৰ দেহাটো পোৱা গৈছে ক’ৰোনা। বুধবাৰেও পুনৰ ৯৫গৰাকী লোক ক’ৰোনা পজিটিভ পোৱা গৈছে। স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে সন্ধিয়া ৬ বজাত টুইট কৰি পুনৰ ৯৫গৰাকী লোকৰ দেহত ক’ৰোনা ধৰা বুলি অৱগত কৰে।
নতুনকৈ পোৱা ৰোগীসকল হৈছে ২১গৰাকী যোৰহাট জিলাৰ, ২০গৰাকী ঘোলাঘাট জিলাৰ, ১২গৰাকী হাইলাকান্দি জিলাৰ, ৬গৰাকী ডিব্ৰুগড় জিলাৰ, ৬গৰাকী কামৰূপ জিলাৰ, ৭গৰাকী কাৰ্বি আংলং জিলাৰ, ৪গৰাকী ধেমাজি জিলাৰ, ৪গৰাকী বৰপেটা জিলাৰ, ৪গৰাকী কাছাৰ জিলাৰ, ৩গৰাকী বঙাইগাঁও জিলাৰ, ২গৰাকী নগাঁও জিলাৰ, ২গৰাকী ওদালগুৰি জিলাৰ, এগৰাকী এগৰাকী ডিমা-হাচাও আৰু শোণিতপুৰ জিলাৰ। আনহাতে দুগৰাকী ৰোগীৰ জিলা এতিয়াও নিৰ্ধাৰণ হোৱা নাই।
ইপিনে ৰাজ্যত ক’ৰোনা আক্ৰান্ত ৰোগী মুঠ সংখ্যা ৪৬০৫গৰাকী হৈছে। ২৪১১গৰাকী ৰোগী সুস্থ হৈ চিকিৎসালয় এৰিছে। ২১৮৩গৰাকী ৰোগীয়ে চিকিৎসা গ্ৰহণ কৰি আছে৷ ক’ৰোনাত আক্ৰান্ত হৈ মুঠ ৮গৰাকী লোকৰ মৃত্যু হৈছে৷