ডিফুঃ অসমত কৰ’নাই আৰু এজন লোকৰ প্ৰাণ লোৱা বুলি জানিব পৰা গৈছে ৷ ইয়াকে লৈ অসমত ক’ভিড-১৯ ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫ জনলৈ বৃদ্ধি পালে ৷ অৱশ্যে এতিয়ালৈকে এই কথা অসম চৰকাৰৰ স্বাস্থ্য বিভাগ তথা স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে সদৰী কৰা নাই।
প্ৰাপ্ত খবৰ অনুসৰি চেন্নাইৰ এটি ব্যক্তিগত কোম্পানীত কাম কৰি থকা বকলীয়াঘাট চূণপোৰা নিবাসী অৰুণ কাকতি (৫৮) নামৰ লোকজন যোৱা ২৩ মে’ত অসমলৈ বুলি যাত্ৰা আৰম্ভ কৰি ২৬ মে’ত ডিফুত উপস্থিত হয়। ডিফু পোৱাৰ পিছতে তেওঁক বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ সমীপত কোৱাৰেণ্টাইনত ৰখাৰ ব্যৱস্থা কৰে স্থানীয় প্ৰশাসনে।
বিভাগীয় কৰ্তৃপক্ষই কোৱাৰেণ্টাইনত থকা অৱস্থাত কৰা Swab Testৰ ফলাফল নিগেটিভ ওলোৱাত লগতে তেওঁৰ কোৱাৰেণ্টাইনৰ ম্যাদ শেষ হোৱাত তেওঁক কেইদিনমানৰ পূৰ্বে কঠোৰভাৱে হোম কোৱাৰেণ্টাইনলৈ প্ৰেৰণ কৰে। কিন্তু আশ্বৰ্যজনকভাৱে দেওবাৰে দুপৰীয়াৰ ভাগত হোম কোৱাৰেণ্টাইনত থকা অৱস্থাতে লোকজন গুৰুতৰভাৱে অসুস্থ হৈ পৰাত পৰিয়ালৰ লোকে বকলীয়াঘাট স্বাস্থ্য কেন্দ্ৰৰ সহায়ত ১০৮ যোগে ডিফু চিকিৎসা মহাবিদ্যালয়লৈ চিকিৎসাৰ বাবে লৈ যায় যদিও আদবাটতে তেওঁৰ মৃত্যু হয়।
মৃত্যুৰ পূৰ্বে অৰুণ কাকতিৰ দেহত ক’ভিড-১৯ ৰ লক্ষণ প্ৰতিফলিত হোৱাত বিভাগীয় কৰ্তৃপক্ষই পুনৰ তেওঁৰ Swab টেষ্টৰ বাবে পঠিয়াই। অৱশেষত টেষ্টত লোকজন ক’ভিড-১৯ত আক্ৰান্ত হোৱাতো ধৰা পৰে। এই সম্পৰ্কে সম্পূৰ্ণৰূপে নিশ্চিত হ’বৰ বাবে বিভাগীয় কৰ্তৃপক্ষই পুনৰ তেওঁৰ Swab গ্ৰহণ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে৷