March 30, 2023, 3:35 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

অসমত আৰু ১৪ দিনলৈ বৃদ্ধি হ’ব পাৰে লকডাউন

Reporter Name
  • Update Time : Friday, May 15, 2020
  • 169 Time View

গুৱাহাটীঃ অসমত ১৭ মে’ৰ পিছত পুনৰ ১৪ দিনলৈ বৃদ্ধি হ’ব পাৰে লকডাউন। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি এক সংবাদমেলত এই ইংগিত প্ৰদান কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা শেষৰখন বৈঠকত তেওঁ ৰাজ্যত দুসপ্তাহলৈ লকডাউন বৃদ্ধিৰ বাবে অনুৰোধ কৰিছিল।

দেশৰ লগতে ৰাজ্যৰ শেহতীয়া পৰিস্থিতি ৰাখি কেইবাখনো ৰাজ্যই এই আহ্বানে কৰিছে বুলিও তেওঁ কয়। প্ৰধানমন্ত্ৰীৰ সৈতে বৈঠকৰ কথা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰাৰ পাছতে ৰাজ্যত দুসপ্তাহলৈ লকডাউন বৃদ্ধি পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

উল্লেখ্য যে, কেৱল অসমেই নহয়। বিহাৰ, মহাৰাষ্ট্ৰকে ধৰি কেইবাখনো ৰাজ্যই শুকুৰবাৰে কেন্দ্ৰক মুকলিভাৱে ৩১ মে লৈকে লকডাউন বৃদ্ধিৰ পোষকতা কৰিছে। কেন্দ্ৰই বিগত দিনত শ্ৰমিক, কৃষক আৰু ক্ষুদ্ৰ উদ্যোগৰ বাবে কৰা ঘোষণাসমূহক আদৰণি জনাই অসমৰো লাখ লাখ লোক এই পদক্ষেপৰ পৰা লাভৱান হ’ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে