তামুলপুৰ জিলাৰ গোৰেশ্বৰৰ কলাগুৰু বিষ্ণুৰাভা ভৱনত গোৰেশ্বৰ ব্ৰহ্মাকুমাৰীৰ উদ্যোগত আজি এক ৰাজহুৱা সভা অনুষ্ঠিত হয়। সভাত উপস্থিত থাকে বিটিআৰৰ কাৰ্যবাহী ৰনেন নাৰ্জাৰী, গোৰেশ্বৰ আৰক্ষী থানাৰ পৰিদৰ্শক ৰাজীৱ চেতিয়া, সমাজকৰ্মী সত্যনাথ ঠাকুৰীয়া, গোৰেশ্বৰ প্ৰেছ ক্লাবৰ সভাপতি নিৰঞ্জন ডেকা, গুৱাহাটীৰ ইশ্বৰীয় ব্ৰহ্মাকুমাৰী বিশ্ববিদ্যালয়ৰ ব্ৰহ্মাকুমাৰীৰ লগতে গোৰেশ্বৰৰ স্থানীয় লোক। স্বাধীনতাৰ অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ইশ্বৰীয় বিশ্ববিদ্যালয়ে ১৫ মে’ৰ পৰা শ্ৰী মন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰাৰ বাবে এক সজাগতামূলক বাইক ৰেলী উলিওৱা হয়। বাইক ৰেলী গুৱাহাটীৰ বিভিন্ন ঠাই পৰিভ্ৰমণ কৰা অন্ততঃ বাইক ৰেলীৰ দলটোৱে আজি গোৰেশ্বৰত উপস্থিত হৈ বাইহাটা চাৰিআলিত সন্ধিয়া অন্ত পেলাব। স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি উলিওৱা এই বাইক ৰেলীৰ মূল উদ্দেশ্য হৈছে ৰাইজৰ মাজত সজাগতাৰ সৃষ্টি কৰা। কেনেদৰে হেলমেট পৰিধান কৰি, লাহে লাহে নিজৰ বাহনখন চলাই নিজৰ জীৱন সুৰক্ষা কৰাৰ লগতে আনৰো জীৱন সুৰক্ষা কৰিব পাৰে সেয়াই হৈছে বাইক ৰেলীৰ মূল উদ্দেশ্য।