March 25, 2023, 8:14 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

অমিতাভ-অভিষেকক সোনকালে আৰোগ্য হোৱাৰ কামনা গুণমুগ্ধৰ

Reporter Name
  • Update Time : Sunday, July 12, 2020
  • 166 Time View

ডিজিটেল ডেস্কঃ বলিউদৰ বিগ বি অমিতাভ বচ্চন আৰু পুত্ৰ অভিষেক বচ্চনৰ ক’ৰোনা পজিটিভ ধৰা পৰিছে৷ এই কথা পিতা-পুত্ৰই খোদ টুইট কৰি শনিবাৰে নিশা ৰাজহুৱা কৰিছে৷ অমিতাভ বচ্চনে টুইট কৰি কয় ‘‘পৰীক্ষা কৰাত মোৰ ক’ৰোনা পজিটিভ ধৰা পৰিছে৷ হস্পিতালত ভৰ্তি হৈছো৷ হস্পিতাল কৰ্তৃপক্ষক খবৰ দিয়া হৈছে৷ পৰিয়াল আৰু কৰ্মচাৰীৰ পৰীক্ষা কৰা হৈছে৷ তেওঁলোকৰ পৰীক্ষাৰ ফলাফল অহা নাই৷’’ ৭৭ বছৰীয়া অমিতাভ মুম্বাইৰ নানাৱটী হস্পিতালত ভৰ্তি হৈছে৷

জানিব পৰা মতে, অমিতাভ বচ্চনক এটা পৃথক ৱাৰ্ডত ৰখা হৈছে আৰু চিকিৎসকে প্ৰতিটো মুহূৰ্তত চোৱাচিতা কৰিছে৷ আনহাতে তেওঁৰ সম্পৰ্কত অহা প্ৰতিগৰাকী লোকক পৰীক্ষা কৰিবলৈ অনুৰোধ জনায় অমিতাভ বচ্চনে৷

আনহাতে পুত্ৰ অভিষেক বচ্চনে টুইট কৰি কয় ‘‘আজি মোৰ আৰু মোৰ পিতৃ ক’ৰোনাত সংক্ৰমিত হোৱা বুলি থিৰাং হৈছে৷ আমাৰ সাধাৰণ উপসৰ্গ দেখা পোৱাত হস্পিতালত ভৰ্তি কৰোৱা হৈছে৷ আমি সকলো জৰুৰী কৰ্তৃপক্ষক অৱগত কৰিছো আৰু আমাৰ পৰিয়াল আৰু সকলো কৰ্মচাৰীক পৰীক্ষা কৰোৱা হৈছে৷’’ ইপিনে মহানায়ক অমিতাভ বচ্চন আৰু পুত্ৰ অভিষেক ক’ৰোনাত আক্ৰান্ত হোৱাৰ খবৰ প্ৰচাৰ হোৱাৰ পিছতে এই খবৰ ছ’চিয়েল মিডিয়াত ট্ৰেণ্ড হ’ব ধৰে৷ ছ’চিয়েল মিডিয়াত হাজাৰ হজাৰ গুণমুগ্ধই পিতা-পুত্ৰৰ আশু আৰোগ্য কামনা কৰে৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে