ডিজিটেল ডেস্কঃ প্ৰয়াত বলিউদৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ প্ৰাক্তন ব্যৱসায়িক পৰিচালক শ্ৰুতি মোদীক আজি সোধ-পোছ কৰিব নাৰ্ক’টিক কণ্ট্ৰোল ব্যূৰু চমুকৈ এনচিবি-এ৷ ইতিমধ্যে বুধবাৰে পুৱাৰ ভাগত এনচিবিৰ কাৰ্যালয়ত উপস্থিত হৈছে শ্ৰুতি৷ মঙলবাৰে শ্ৰুতি মোদীক চামন দি আজি উপস্থিত হ’বলৈ নিৰ্দেশ দিছিল এনচিবি-এ৷ চামন পোৱাৰ পিছতে মুম্বাইস্থিত এনচিবিৰ কাৰ্যালয়ত অকলে উপস্থিত হয় সুশান্ত সিং ৰাজপুতৰ প্ৰাক্তন ব্যৱসায়িক পৰিচালক শ্ৰুতি মোদী৷ ড্ৰাগাছ যোগান আৰু সেৱন কাণ্ড সন্দৰ্ভত সোধ-পোছ কৰা হ’ব শ্ৰুতি মোদীক৷